নগাঁৱৰ ৰাইদঙীয়াত “সহোদৰ”ৰ শিক্ষক দিৱস উদযাপন*

137

ঋতু পৰ্ণ শৰ্মা, নগাঁও : পবিত্ৰ শিক্ষক দিৱস উপলক্ষে ৰবিবাৰে নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ৰাইদঙীয়াত “সহোদৰ” নামৰ এক সামাজিক-সাংস্কৃতিক সংস্থাৰ উদ্যোগত ব্যতিক্ৰমী চিন্তাধাৰাৰে শিক্ষক দিৱস উদযাপন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি ৰাইদঙীয়া অঞ্চলৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল সমবেত হৈ তেওঁলোকক অতীতত শিক্ষাদান কৰা অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে ।

“সহোদৰ” সামাজিক-সাংস্কৃতিক সংস্থাৰ সভাপতি শংকৰ জ্যোতি শৰ্মা, সম্পাদিকা অবিস্মিতা বৰুৱা, প্ৰভাত চন্দ্ৰ দাস,দীপ জ্যোতি শইকীয়া,মনোৰঞ্জন শইকীয়া, জ্যোতিৰ্ময় হাজৰিকা,শিৱপ্ৰসাদ বৰা,প্ৰদ্যুম্মপণ শইকীয়া আৰু পল্লৱ শইকীয়াই অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ ঘৰে ঘৰে গৈ গামোচা, কিতাপৰ টোপোলাৰ লগতে গছপুলি প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে । অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষকয়িত্ৰীসকলে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ শ্ৰদ্ধা তথা সন্মান লাভ কৰি আবেগিক হৈ পৰা পৰিলক্ষিত হয় ।