ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ “অসমীয়া জাতি গঠনত ৫০০ বছৰৰ আগেয়ে আৰম্ভ হোৱা শংকৰী সংস্কৃতিত শংকৰদেৱৰ সৃষ্টি গৃহটি হ’ল নামঘৰ। “নামঘৰে” অসমীয়া জাতিক একত্ৰিত কৰাৰ লগতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি প্ৰতিঘৰ লোকলৈ সম্প্ৰসাৰিত কৰি এক বিশাল অসমীয়া জাতি হিচাপি গঢ়ি তোলাত সহায় কৰিছে।” -এই মন্তব্য কৰে শংকৰী কলাকৃষ্টিৰ গৱেষক, পণ্ডিত আনন্দৰাম বৰুৱা বঁটা পাপক ড০ নৰেন কলিতাৰ।
মঙলবাৰে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত মধ্য জামুগুৰি বুঢ়া নামঘৰ ২৭৩তম প্ৰতিষ্ঠা দিৱস আৰু মহানাম উপলক্ষে নামঘৰ প্ৰাঙ্গণত সিংহ মূৰ্তি উন্মোচন কৰি ড০ কলিতাই আৰু কয় যে নামঘৰ হ’ল আধ্যাত্মিকতাৰ সাহিত্য চৰ্চাৰ এখনি উপযুক্ত মঞ্চ, নৃত্য গীত, নাট, কলা-সংস্কৃতি প্ৰকাশৰ মাধ্যম।

পুৱা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰাম্ভণি কৰে নামঘৰীয়া লোকেন নাথে। ৭বজাত প্ৰাত: প্ৰসংগৰ পাছত ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে সমাজকৰ্মী গোলাপ চন্দ্ৰ নাথে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ মুকলি কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰাসেশ্বৰ নাথে, গায়ন-বায়নৰ মূৰ্ত্তি উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা বিষ্ণু বৰাই, জয়-বিজয় মুৰ্ত্তি উন্মোচন কৰে অৱসৰ প্ৰাপ্ত বায়ুসেনা বিষয়া পুষ্পেন্দ্ৰ হাজৰিকাই।
১১ বজাত নগাঁও জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰ অধ্যক্ষ মনোৰঞ্জন নাথে আগৱঢ়োৱা নৈমিষা অৰণ্য উন্মোচন কৰে সমাজকৰ্মী থানেশ্বৰ নাথে। দুপৰীয়া নাম প্ৰসংগৰ পাছত পাঠক আদৰণি আৰু ভাগৱত পাঠ আৰম্ভ হয়। ভাগৱত পাঠৰ মুখ্য আকৰ্ষণ বাৰপূজীয়াৰ শিশুশিল্পী প্ৰিয় দৰ্শন ডেকাৰ ভাগৱত পাঠে দৰ্শক ৰাইজক মোহাছন্ন কৰি ৰখাৰ লগতে নামঘৰ প্ৰাঙ্গণ লোকে লোকাৰণ্য হৈ পৰে।
উল্লেখ্য যে, বুধবাৰে পুৱা ভাগৱত পাঠ সামৰণি, কীৰ্ত্তন পাঠ আৰু দুপৰীয়া মহানাম আৰম্ভ আৰু বিয়লি ৬ বজাত ধৰ্মধ্বজা অৱনমিত আৰু দুদিনীয়া কাৰ্য্যসূচৰে পৰিসমাপ্তি হ’ব।
