নগাঁৱৰ বৰকলাত যুৱকৰ সন্দেহজনক মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

64

নিৰ্বাচনৰ ধামখুমিয়াৰ মাজতে নগাঁও জিলাৰ বৰকলাত নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ নিৰ্বাচনী প্ৰচাৰৰ শেষ দিনটোত বৰকালৰ পাঞ্চুমণি বৰা যুৱকজনৰ মৃতদেহ এটা নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হয়৷ যুৱকৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্য সৃষ্টি কৰিছে বৰকলাত৷ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে। হত্যাকাণ্ডৰ উচিত তদন্ত কৰি অপৰাধীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে৷ যুৱকজনক হত্যা কৰি নলাত পোলাই থোৱাৰ অভিযোগ কৰে স্থানীয় ৰাইজে।