নগাঁৱৰ বঢ়মপুৰত আজাদী কি অমৃত মহোৎসৱৰ বাবে ১৩ হাজাৰ পতাকাৰ লক্ষ্য আত্মসহায়ক গোটৰ

393

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কি অমৃত মহোৎসৱ আৰু আগন্তুক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে বিভিন্ন ধৰণৰ বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰিছে।

তদুপলক্ষে সমাগত স্বাধীনতা দিৱসত ঘৰে ঘৰে ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ চৰকাৰে আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১৩ আগষ্টৰ পৰাই পদূলিয়ে পদূলিয়ে ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ ৰাজ্যবাসীক অনুৰোধ জনাইছে। ইয়াৰ অংশ ৰূপে নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ মুঠ ১১টা পঞ্চায়ত এলেকাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত প্ৰতিটো মণ্ডল সংগঠনৰ মহিলাসকলে প্ৰতিটো পঞ্চায়তৰ অঞ্চলসমূহৰ ১৩ হাজাৰ লোকৰ ঘৰে ঘৰে গৈ ত্ৰিৰংগ পতাকা তুলি দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ চাৰিটাকৈ মণ্ডল সংগঠনৰ তৎপৰতাত গ্ৰাম্য সংগঠনৰ মহিলা আত্মসহায়ক গোটৰ এই সকল মহিলাই সৰু-বৰ ত্ৰিৰংগ পতাকা তৈয়াৰ কৰি অতি কম মূল্যত অঞ্চলটোত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা প্ৰতিটো পৰিয়ালক তুলি দিয়াৰ লগতে সহজতে ত্ৰিৰংগ পতাকা গাঁৱৰ ৰাইজে ক্ৰয় কৰিব পাৰে তাৰ বাবে ১১খন বিপনী খুলি ত্ৰিৰংগ পতাকা বিক্ৰীৰ ব্যৱস্থা লৈছে।

আনহাতে অঞ্চলবোৰৰ শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান,ব্যৱসায়িক প্ৰতিষ্ঠানত অতি কম মূল্যত ত্ৰিৰংগ পতাকা দিয়াৰ ব্যৱস্থা লৈছে। এই সন্দৰ্ভত খণ্ড সমন্বয়ক মধুমিতা দে’য়ে সংবাদ মাধ্যমক জনোৱা মতে স্বাধীনতা দিৱসত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উত্তোলনৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে তাক লৈ আমি আনন্দিত। চৰকাৰৰ নিৰ্দেশমৰ্মে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানক যি দায়িত্ব অৰ্পণ কৰিছে সেই অনুসৰি গ্ৰামাঞ্চলত কম মূল্যত সহজতে কম মূল্যত প্ৰতিটো পৰিয়ালে ত্ৰিৰংগ পতাকা লাভ কৰিব পাৰে তাৰ বাবে আমি বিক্ৰীৰ বাবে বঢ়মপুৰ উন্নয়ন খণ্ডৰ প্ৰতিটো পঞ্চায়তত ১১খন বিপনী খুলিছোঁ।

গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক চন্দন বৰবৰা আৰু খণ্ড সমন্বয়ক বিষ্ণু কোঁৱৰে কয় যে “হৰ ঘৰ ত্ৰিৰংগা” এই শ্ল’গানেৰে আমাৰ আত্মসহায়ক গোটৰ সদস্যসকলে গাঁৱে গাঁৱে এই কেইদিন সজাগতা অনাৰ লগতে প্ৰতিটো পৰিয়ালক ত্ৰিৰংগ পতাকা কম মূল্যত তুলি দিব।