ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ বিশ্ব শান্তিৰ বাবে নগাঁও জিলাৰ বেবেজীয়া চাৰিআলিৰ সাৰ্বজনীন আঞ্চলিক শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ প্ৰাংগণত ৬ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তী বৰ্ষৰ “অখণ্ড ভাগৱত পাঠ”ৰ দেওবাৰে সফল সামৰণি পৰে।
যোৱা ৬ মে’ৰ পৰা অবিৰতভাৱে ভাগৱত পাঠ চলি থকাৰ অন্তত দেওবাৰে দুপৰীয়া ভাগৱত পৰিভ্ৰমণ কৰা হয়। ভাগৱত পৰিভ্ৰমণৰ অন্তত বেবেজীয়া আৰু খাটগুৰিৰ আই মাতৃসকলৰ দ্বাৰা সমূহীয়া নাম প্ৰসংগ তথা বিয়লি ধৰ্মধ্বজা অৱনমিতৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সামৰণি মৰা হয়।

উল্লেখযোগ্য যে বিগত তিনিদিন বেবেজীয়াৰ উপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱ তথা আই-মাতৃৰ আগমণে বেবেজীয়াৰ বিষ্ণু মন্দিৰ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰে। অখণ্ড ভাগৱত পাঠত খাটগুৰিৰ বিনন্দ বৰদলৈ, তিলক বৰদলৈ, বেবেজীয়াৰ অনন্ত হাজৰিকা, নাৰায়ণ হাজৰিকা, দীপক বৰা, পূৰ্ণ বৰা, কামপুৰৰ যাদৱ শইকীয়া, তন্তু ৰাজখোৱা, বিমল ৰাজখোৱা, ভূপেন দাস, ধৰণী ডেকা, আইভেটিৰ আনন্দ দাস, কমাৰচুকৰ প্ৰফুল্ল দাস, বগৰিগুৰিৰ প্ৰফুল্ল বৰদলৈৰ ভাগৱত পাঠৰ অমিয়া সুৰ আৰু ভকত-বৈষ্ণৱ তথা আই-মাতৃৰ সমূহীয়া নাম-দিহানামে বৃহত্তৰ বেবেজীয়া অঞ্চলৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।
