নগাঁৱৰ বেবেজীয়াত ৭৮সংখ্যক দুৰ্গোৎসৱৰ আয়োজন

108

ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ কাৰিকৰী চমকৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিক ভাবাদৰ্শৰে আয়োজন কৰি অহা মধ্য অসমৰ পুৰণি দুৰ্গা পূজাসমূহৰ অন্যতম নগাঁও জিলাৰ বেবেজীয়া আঞ্চলিক দুৰ্গোৎসৱ সমিতিয়ে চলিত বৰ্ষত ৭৮ সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে।

সমাগত দুৰ্গোৎসৱ উদযাপন সন্দৰ্ভত আলোচনা কৰা উদ্দেশ্যে দেওবাৰে এখনি সভা অনুষ্ঠিত হয়। বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে সমাজকৰ্মী দেৱ বৰঠাকুৰে। দুৰ্গোৎসৱ সমিতিৰ সম্পাদক ৰাজীৱ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত আগন্তুক দুৰ্গোৎসৱ সম্পৰ্কত আলোচনা কৰাৰ লগতে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই উৎসৱটি উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সভাতেই সৰ্বসন্মতি মৰ্মে অজিত শৰ্মাক সভাপতি, মহেন্দ্ৰ শৰ্মা, ৰবীন শৰ্মা আৰু বীৰেন শৰ্মাক উপ সভাপতি, অমৰ শৰ্মা আৰু অৰূপ শৰ্মা বৰুৱাক যুটীয়া সম্পাদক তথা প্ৰাঞ্জল শৰ্মা আৰু মনজিৎ শৰ্মাক সহকাৰী সম্পাদক ৰূপে লৈ এখনি দুৰ্গোৎসৱ সমিতি গঠন কৰা হয়।