ঋতুপৰ্ণ শৰ্মা, নগাঁও– “আজাদী কা অমৃত মহোসৎসৱ”ৰ লগত সংগতি ৰাখি আজি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বেবেজীয়া- ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ অন্তৰ্গত তথা বেবেজীয়াৰ সমীপৰ বাংঠাই গাঁৱত নতুনকৈ নিৰ্মাণ হোৱা এটি পথ এগৰাকী বীৰ শ্বহীদৰ নামেৰে নামাকৰণ কৰা হয়।
১৯৭১ চনত ভাৰত -পাক যুদ্ধত প্ৰাণ আহুতি দিয়া বীৰ সৈনিক তথা বাংঠাই গাঁৱৰ সু-সন্তান শ্বহীদ ভবেন্দ্ৰ বৰদলৈ নামেৰে নামাকৰণ কৰা পথটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।
পথটো মুকলি কৰি বিধায়ক শৰ্মাই শ্বহীদৰ ত্যাগৰ কথা প্ৰয়াত বীৰ শ্বহীদ ভবেন্দ্ৰ বৰদলৈক শ্ৰদ্ধাৰে স্মৰণ কৰে। পথ মুকলি অনুষ্ঠানত বেবেজীয়া-ডিমৌ- বাংঠাই গাঁও পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ, আঞ্চলিক পঞ্চায়তৰ সদস্য তপন বৰদলৈ আদিকে প্ৰমূখ্য কৰি স্থানীয় গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
