নগাঁৱৰ বেঙেনাআটিত বিধ্বংসী অগ্নিকাণ্ড

84

নগাঁৱৰ বেঙেনাআটিত বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডটৰ ফলত ছামচুল আলম নামৰ লোকজনৰ বাসগৃহত সম্পূৰ্ণ ৰূপে ভষ্মীভূত হোৱাৰ লগতে AS01EZ3138 নম্বৰৰ এখন হুণ্ডাই এক্সেন্ট বাহন অগ্নিদগ্ধ হয়।

এই অগ্নিকাণ্ডটোত ঘৰটোৰ সকলো সা- সামগ্ৰী ভষ্মীভূত হয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটো।

অগ্নি নিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হৈছিল যদিও বাট পথৰ অসুবিধাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হোৱা পলম হোৱাত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন হয়।

অগ্নিকাণ্ডটো বৈদ্যুতিক ছৰ্ট ছাৰ্কিটৰ ফলত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

অগ্নিকাণ্ডটোত প্ৰায় ৪০ লাখ টকাৰ সা-সম্পতি নষ্ট হয় বুলি ভুক্তভোগী পৰিয়ালে জানিবলৈ দিয়ে ।