নগাঁৱৰ বিভিন্ন প্ৰান্তত চুলাই মদৰ ঘাটি উচ্ছেদ আবকাৰী বিভাগৰ

89

চুলাই মদৰ ঘাটীয়ে কোভিড সংক্ৰমণ বৃদ্ধি কৰিছে বুলি মন্ত্ৰী পীয়ুষ হাজৰিকাই মন্তব্য কৰাৰ পিছতে নগাঁৱত এতিয়া চুলাই মদৰ ঘাটীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আবকাৰী বিভাগে। অভিভাৱক মন্ত্ৰীগৰাকীৰ নিৰ্দেশমৰ্মে নগাঁৱৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে অভিযান চলাই কেইবাটাও চুলাই মদৰ ঘাটী উচ্ছেদ কৰে।

মঙলবাৰে জিলাখনৰ জাজৰিৰ লগতে আন প্ৰান্তত আবকাৰী বিভাগ আৰু আৰক্ষীয়ে মিলি অভিযান চলাই কেইবাটাও চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়। জাজৰিৰ মাজ গাঁও, বগৰিগুৰি আৰু ৰাইদঙীয়াৰ তেলিয়া গাঁও, আদৰ্শ গাঁও আৰু বুকুল তল গাঁৱত অভিযান চলাই আবকাৰী বিভাগে কমেও ছয় হাজাৰ লিটাৰ দেশী চুলাই মদ নষ্ট কৰে। অৱশ্যে এই ব্যৱসায়ৰ সৈতে জড়িত কোনো লোকক আটক কৰা হোৱা নাই।