নগাঁৱৰ দক্ষিণপাটৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী উমেশ চন্দ্ৰ বৰাৰ পৰলোক

144

ঋতু পৰ্ণ শৰ্মা, নগাঁও: নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাগীয়াল গাঁও নিবাসী তথা বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী-সমাজ সংগঠক উমেশ চন্দ্ৰ বৰাৰ দেওবাৰে পুৱতি নিশা নিজা বাসভৱনত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত বৰাৰ বয়স হৈছিল ৯১বছৰ।

উল্লেখ্য যে, ১৯৩১ চনৰ ২৭ নবেম্বৰত জন্মগ্ৰহণ কৰা উমেশ চন্দ্ৰ বৰাই দক্ষিণপাটত শিক্ষা গ্ৰহণ কৰি দক্ষিণপাট উচ্চ মাধ্যমিক বিদ্যালয় (এতিয়াৰ উচ্চতৰ মাধ্যমিক)ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি ১৯৫৩ চনত নতুনকৈ স্থাপন হোৱা দক্ষিণপাটৰ সমীপৰ শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ে চৰকাৰী স্বীকৃতি পোৱাৰ পূৰ্বলৈকে বৰাই বিনা বেতনে সেৱা আগবঢ়াই গৈছিল।

১৯৭৬ চনত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱাত প্ৰথমগৰাকী অধ্যক্ষৰূপে বৰাই দক্ষতাৰে সেৱা আগবঢ়াই ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰিছিল। ১৯৯৪ চনত প্ৰতিষ্ঠা হোৱা দক্ষিণপাটৰ শংকৰ-নানক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক আছিল বৰা। প্ৰয়াত বৰাই অশেষ কষ্ট কৰি ধন তথা দান-বৰঙণি সংগ্ৰহ কৰি মহাবিদ্যালয়খন উন্নয়নত প্ৰভুত্ব বৰঙণি আগবঢ়ায়।

১৯৮৫ চনত বৰা হাইস্কুল শিক্ষক সন্থাৰ পৰীক্ষা পৰিষদৰ সচিব নিৰ্বাচিত হয়। শিক্ষকতাৰ জীৱনৰ সমান্তৰালকৈ উমেশ চন্দ্ৰ বৰা সামাজিক তথা ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। বৰাই জাগীয়াল বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, জাগীয়াল ৰাজহুৱা ভৱন- সাংস্কৃতিক কেন্দ্ৰৰ প্ৰতিষ্ঠাৰ লগতে ২০০৮চনত অসম সাহিত্য সভাৰ দক্ষিণপাটৰ দ্বি-বাৰ্ষিক বিশেষ অধিবেশন তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জাগীয়ালৰ নগাঁও জিলা অধিবেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তদুপৰি বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি নিৰ্বাচিত হোৱা পাছত সংঘৰ সাংগঠনিক আৰু বিত্তীয় কাম-কাজত স্বচ্ছতা আনিবলৈ চেষ্টা কৰিছিল।

ধৰ্মানুৰাগী ব্যক্তি ৰূপেও পৰিচিত বৰাই শংকৰী সাহিত্যৰ প্ৰবন্ধ-পাতি লিখি আৰু ভাষণ আগবঢ়াই মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ইপিনে দেওবাৰে পুৱা উমেশ চন্দ্ৰ বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে দক্ষিণপাট-জাগীয়াল অঞ্চল শোকাস্তদ্ধ হৈ পৰে। বৰাৰ বাসগৃহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰফুল্ল চন্দ্ৰ বৰা, মূলৰ সদস্য নলিনী বৰা, জিলা শাখাৰ শিক্ষা সভাপতি প্ৰফুল্ল বৰা, সুৰভি সাহিত্য সভা, মনচুন কলা পৰিষদ, জাগীয়াল সমবায় সমিতি, জাগীয়াল ৰাজহুৱা ভৱন, জাগীয়াল উচ্চ মাধ্যমিক বিদ্যালয়, অৰুণ পুথিভঁৰাল, দক্ষিণপাট আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিনিধি তথা ব্যক্তি উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

ইয়াৰ পাছতে বৰাৰ নশ্বৰ দেহ লৈ শোভাযাত্ৰা কৰাৰ অন্তত শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত উমেশ চন্দ্ৰ বৰাই পত্নীৰ উপৰি দুজন পুত্ৰ-বোৱাৰী, তিনিগৰাকী জীয়ৰীসহ নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায়।