ঋতু পৰ্ণ শৰ্মা,নগাঁও: বৰবিহ ৰূপী ড্ৰাগছ সেৱনকাৰীক কৰায়ত্ত কৰি নগাঁৱৰ তিনিগৰাকী যুৱতীয়ে সাহসৰ পৰিচয় দাঙি ধৰিছে । সাহসী যুৱতী তিনিগৰাকী হৈছে শিল্পী শিখা বৰা, ৰুবিতৰা পাটৰ আৰু ইয়াচ বেগম । প্ৰাপ্ত খবৰ মতে নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত সোমবাৰে বিয়লি যুৱতী তিনিগৰাকীয়ে ক্ৰীড়া আৰু শাৰীৰিক অনুশীলন কৰি আছিল । এনে সময়তে যুৱতী তিনি গৰাকীয়ে দুজন যুৱকে ড্ৰাগছ সেৱন কৰি থকা তেওঁলোকে প্ৰত্যক্ষ কৰে ।
পাছত যুৱতী তিনি গৰাকীয়ে যুৱকদ্বয়ৰ ওচৰলৈ গৈ সেই স্থানত নিচাযুক্ত দ্ৰব্য সেৱন কৰি পৰিৱেশ বিঘ্নিত নকৰিবলৈ কয় । কিন্তু যুৱতী তিনি গৰাকীক অভব্য আচৰণহে কৰে যুৱকদ্বয়ে । যুৱতী তিনি গৰকীয়ে সাহসৰ পৰিচয় দি যুৱক দুজনক কৰায়ত্ত কৰে আৰু সেই স্থানত উপস্থিত থকা একাংশ লোকে যুৱক দুজনক উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ।
ড্ৰাগছ সেৱনকাৰী যুৱকদ্বয়ক আটক কৰা তিনি গৰাকী যুৱতীক পাছত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই চকলেট উপহাৰ দিয়ে । ঐতিহ্যমণ্ডিত নেহৰুবালিৰ উক্ত স্থানত একাংশ লোকে নিয়মীয়া ভাৱে ড্ৰাগছ সেৱন কৰে বুলি যুৱতী তিনি গৰাকীয়ে জনাইছে । সেয়ে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিব লাগে ।
সাহসিকতাৰ পৰিচয় দিয়া যুৱতী তিনি গৰাকীৰ পদক্ষেপক নগাঁৱৰ আৰক্ষীয়ে শলাগ লৈছে ।
