নগাঁৱৰ জামুগুৰিত ২০ ছেপ্টেম্বৰৰ কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু ‘৪২ৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন স্থগিত

323

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত ইংৰাজৰ গুলীত দেশমাতৃৰ হকে প্রাণ আহুতি দি ‘৪২ ৰ গণ আন্দোলনৰ শ্বহীদ হৈছিল শ্বহীদ মনবৰ নাথ। পৰিতাপৰ বিষয় এই যে স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো এই গৰাকী বীৰ শ্বহীদে যি ভাৱে এক ৰাষ্ট্ৰীয় মৰ্য্যদা পাব লাগিছিল সেই মৰ্য্যদা লাভ কৰা পৰিলক্ষিত বৰ্তমানলৈ হোৱা নাই। কিন্তু বর্তমান বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ বৰ অসমৰ প্ৰাচীন জনগোষ্ঠী নাথ-যোগী সমাজৰ নৱ প্ৰজন্মৰ সামগ্রিক বিকাশ আৰু উত্তৰণৰ অন্যতম সংগঠন সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ বিশেষ উদ্যোগত বর্তমান অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একান্ত পৃষ্ঠপোষকতাত, ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ তত্বাৱধানত, নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত, নগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ জামুগুৰি অঞ্চলৰ ৰাইজৰ একান্ত সহযোগত বেবেজীয়া জামুগুৰি ন-মাটি গড়কাপ্তানি পথৰ (শ্বহীদ মনবৰ নাথ পথ) দাঁতিত শ্বহীদ মনবৰ নাথৰ এটি পূর্ণাঙ্গ প্রতিমূৰ্ত্তি নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে আৰু ইতিমধ্যে প্রায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে।

সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই প্রতি বছৰে ২০ছেপ্টেম্বৰ দিনটো ‘৪২ৰ ভাৰত ত্যাগ আন্দোলনত ঢেকিয়াজুলিত ইংৰাজৰ গুলীত প্রাণ আহুতি দিয়া শ্বহীদ সকলৰ লগতে অসমৰ প্ৰতিগৰাকী শ্বহীদৰ পবিত্ৰ স্মৃতিত “কেন্দ্ৰীয় শ্বহীদ দিৱস” হিচাপে উদযাপন কৰি আহিছে। এইবছৰৰ উক্ত দিৱসটি সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত, বেবেজীয়া জামুগুৰি আঞ্চলিক নাথ-যোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ জামুগুৰি অঞ্চলৰ জাতি-বর্ণ নির্বিশেষে সকলো ৰাইজৰ একান্ত সহযোগত, শ্বহীদ মনবৰ নাথৰ জন্মস্থান নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত অহা ২০ ছেপ্টেম্বৰত উদযাপন কৰিবলৈ স্থিৰ কৰি শ্বহীদ জনাৰ পূৰ্ণাঙ্গ মূৰ্তিভাগ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা উন্মোচনৰ দিহা কৰা হৈছিল যদিও মুখ্যমন্ত্ৰীগৰাকীৰ সময়সূচীৰ সালসলনি হোৱা হেতুকে তেওঁ উপস্থিত থাকিব নোৱাৰাৰ বাবে প্ৰতিমুৰ্তি উন্মোচনৰ কাৰ্য্যসূচীভাগ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি লক্ষণ নাথ আৰু সম্পাদক অৰবিন্দ নাথে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে।

সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ নেতৃবৃন্দই সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে শ্বহীদ মনবৰ নাথৰ পূৰ্ণাঙ্গ মূৰ্তি উন্মোচনৰ পৰৱৰ্তী তাৰিখ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি প্ৰকাশ কৰা হ’ব। উল্লেখ্য যে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসটি গোৱালপাৰা জিলাত অনুষ্টূপীয়াকৈ উদযাপন কৰা হৈছে বুলি জানিবলৈ দিছে।