ঋতু পৰ্ণ শৰ্মা, নগাঁও: নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ শিৱমন্দিৰত বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো চাৰিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি উৎসৱৰ আয়োজন কৰা হৈছে বুলি শিৱমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰাতুল চন্দ্ৰ শৰ্মা তথা সম্পাদকদ্বয় লাৰু শৰ্মা আৰু বাবুল শৰ্মাই সংবাদ মাধ্যমক জনাইছে।
শিৱৰাত্ৰি উৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ১ মাৰ্চৰ পুৱা ৬ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব প্ৰাক্তন শিক্ষক তথা মধ্য নগাঁও ব্ৰাহ্মণ সমাজৰ সভাপতি গকুল চন্দ্ৰ শৰ্মাই ৷ ইয়াৰ পিছতে পুৱা ৬:৩০ বজাত মন্দিৰৰ দ্বাৰ উন্মোচন আৰু নিত্য নৈমত্তিক পূজাৰ লগতে শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ প্ৰতিষ্ঠাপক মহাপ্ৰভু শ্ৰীশ্ৰী বিশ্বম্ভৰদেৱৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলনৰ লগতে পৰৱৰ্তী সময়ত শ্বহীদ লোকনাথ শইকীয়াৰ সমাধিত বন্তি প্ৰজ্বলন-শ্বহীদ তৰ্পণ কৰিব সদৌ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মিন্টু শৰ্মাই ৷
পৰৱৰ্তী সময়ত মণি গোস্বামীৰ নেতৃত্বত অঞ্চলৰ আয়তী সকলৰ দ্বাৰা জলযাত্ৰা অনুষ্ঠান সম্পন্ন হোৱাৰ পাছতে দিনৰ ১০:৩০ বজাৰ পৰা প্ৰয়াত কনক চন্দ্ৰ শইকীয়াৰ সোঁৱৰণত আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নিশা পৰ্যন্ত নাম প্ৰদৰ্শন আৰু আৰতি তথা মহাশিৱৰাত্ৰিৰ পূজা অনুষ্ঠিত হ’ব বুলি শিৱৰাত্ৰি উৎসৱ উদযাপন সমিতিৰ সভাপতি অঞ্জন কুমাৰ শইকীয়া আৰু কাৰ্যকৰী সভাপতি জয়ন্ত কুমাৰ শৰ্মাই জনাইছে ৷
২ মাৰ্চৰ পুৱা ৬ বজাত মন্দিৰৰ দ্বাৰ মুকলি আৰু নিত্য নৈমত্তিক পূজা আৰু বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা অনুষ্ঠানটোত দিনৰ ১০:৩০ বজাৰ পৰা প্ৰয়াত শান্তিৰাম বৰা আৰু চম্পা বৰাৰ সোঁৱৰণত আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নিশা পৰ্যন্ত নাম পৰিবেশন ।
৩ মাৰ্চৰ পুৱা ৬ বজাত মন্দিৰৰ দ্বাৰ মুকলি আৰু নিত্য নৈমত্তিক পূজাৰ লগতে দিনৰ ১০:৩০ বজাৰ পৰা প্ৰয়াত লুলুধৰ কলিতাৰ সোঁৱৰণত আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিবেশন হোৱাৰ লগতে নিশা ৭:৩০ বজাত প্ৰয়াত নাট্যশিল্পী ৰমেশ শইকীয়া, জিনু দেৱী, মালামণি শইকীয়া, পুতুল বৰা আৰু কবিতা বৰাৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ নিশা ৮ বজাত মঞ্চস্থ হ’ব প্ৰয়াত মঞ্চ অভিনেত্ৰী কবিতা বৰাৰ সোঁৱৰণত নাট্যকাৰ মুনীন বৰুৱাৰ ৰচিত সামাজিক নাটক “অজ্ঞাত বাস” । উক্ত নাট্যনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট নাট্যকাৰ-পৰিচালক মৃণাল বৰাই আৰু মঞ্চ উদ্বোধন কৰিব অসম গণ পৰিষদৰ নগাঁও জিলাৰ সভাপতি মণিমাধৱ মহন্তই ৷
৪ মাৰ্চৰ পুৱা ৬ বজাত মন্দিৰৰ দ্বাৰ মুকলি আৰু নিত্য নৈমত্তিক পূজা অনুষ্ঠিত হোৱাৰ লগতে পৰৱৰ্তী সময়ত শ্ৰীশ্ৰী শিৱ গীতা পাঠ অনুষ্ঠান সম্পন্ন হোৱাৰ পাছতে দিনৰ ১১ বজাৰ পৰা “শিশু সন্মিলন” আৰু “সম্বৰ্দ্ধনা অনুষ্ঠান” অনুষ্ঠিত হ’ব ৷ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ড° অচুৎ আকাশ বৰা তথা বিশিষ্ট অতিথি হিচাপে পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যুগল চন্দ্ৰ দেৱ গোস্বামী আৰু বৰ্তমানৰ সভাপতি পুলিন হাজৰিকা আৰু সম্পাদক দ্বীজেন্দ্ৰ মোহন শইকীয়া উপস্থিত থাকিব বুলি উৎসৱ উদযাপন সমিতিৰ সম্পাদক জয়ন্ত বৰঠাকুৰ আৰু প্ৰমোদ কুমাৰ শৰ্মাই জানিবলৈ দিছে ।
দিনৰ ২:৩০ বজাৰ পৰা অঞ্চলৰ শিশু আৰু চেমনীয়া সকলৰ দ্বাৰা “কোনে কি জানে“ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ নিশা ৭:৩০ বজাত উদীয়মান কন্ঠ শিল্পী তথা ড্ৰাম বাদক লক্ষ্য জ্যোতি শাণ্ডিল্যৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে নিশা ৮:৩০ বজাত প্ৰয়াত বিশিষ্ট সমাজ সেৱক তথা ব্ৰহ্মচাৰী সত্ৰৰ দীৰ্ঘদিনৰ সম্পাদক প্ৰয়াত মোহন চন্দ্ৰ শৰ্মাৰ সোঁৱৰণত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব ৷
সাংস্কৃতিক অনুষ্ঠানটোত আমন্ত্ৰিত জনপ্ৰিয় কন্ঠ শিল্পী ভিতালী গগৈয়ে গীত পৰিবেশন কৰা অনুষ্ঠানটোত ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ সভাপতি অনিল শইকীয়াই মঞ্চ উদ্বোধন কৰিব বুলি মহাশিৱৰাত্ৰিৰ উৎসৱ উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ দিগন্ত বৰঠাকুৰ, ধ্ৰুৱজ্যোতি বৰা, ইন্দ্ৰমোহন বৰা আৰু যোগেশ শৰ্মাই জানিবলৈ দিছে । লগতে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰিদিনীয়াকৈ অনুষ্ঠিত হব লগা মহাশিৱৰাত্ৰি উৎসৱত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে শিৱৰাত্ৰি উৎসৱ উদযাপন সমিতিৰ লগতে মন্দিৰ পৰিচালনা সমিতিয়ে ৷