ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ পৰিবহন বিভাগৰ পথ সুৰক্ষা অভিযান অধিক ফলপ্ৰসু কৰাৰ মানসেৰে আগবাঢ়ি আহিছে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় মহাবিদ্যালয়। ভাৰত চৰকাৰকে ধৰি কেইবাখনো ৰাজ্য চৰকাৰৰ সহযোগত ২০২২ বৰ্ষটোক প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে ”আজাদি কা অমৃত মহোৎসৱ সে স্বৰ্ণিম ভাৰত কী অউৰ” বাণী সাৰোগত কৰি ইতিমধ্যে উদযাপন কৰি আহিছে।
ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ অসম শাখাইও ৰাজ্যখনত যোৱা ১৫ মে’ৰ পৰা ২২ মে’লৈকে অসমৰ ১৩খন জিলাত কাৰ্যসূচী গ্ৰহণ কৰে স্বৰ্ণিম ভাৰত পথ সুৰক্ষা মটৰ চাইকেল ৰেলীৰ। উল্লেখ্য যে ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ১৫ মে’ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ৰাজ্যখনত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰা পথ সুৰক্ষাৰ সজাগতা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছিল।
সুৰক্ষিত ভাৰত গঢ়াৰ সংকল্পৰে আৰম্ভ কৰা পথ সুৰক্ষা মটৰ চাইকেল যাত্ৰাৰ দলটোৱে বিভিন্ন স্থানত সজাগতা সৃষ্টি কৰি অহাৰ পাছত কালি নগাঁও জিলাৰ চামগুৰিত উপস্থিত হৈ ৰাইজৰ মাজত এক পথ সজাগতা সভা অনুষ্ঠিত কৰে।
ব্যতিক্ৰমধৰ্মী এই মটৰ চাইকেল ৰেলীৰ দলটোক চামগুৰি গাঁও পঞ্চায়তৰ কৰ্মী তথা কৰ্মচাৰীসকলে উষ্ম আদৰণি জ্ঞাপন কৰে। পঞ্চায়তৰ সভাপতি মণিকা হাজৰিকা, চামগুৰি জিলা পৰিষদৰ সদস্য ৰীতা কাকতি বৰা, পঞ্চায়ত সদস্য বাবুল দাস, মৌচম বৰাকে ধৰি কেইবাজনো বিষয় ববীয়াই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নেতৃত্ব গ্ৰহণ কৰা চৰিতা বেহেন, ববী বেহেন, সাৰদা বেহেন, মণিকা বেহেনকে ধৰি কেইবাগৰাকীক ৰেলীত অংশ গ্ৰহণ কৰা ব্যক্তিক গামোচাৰে আদৰণি জনায়।
উপস্থিত ৰাইজৰ মাজত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে তীব্ৰ গতি পৰিহাৰ, হেলমেট পৰিধান, সুৰাপান-জীৱননাশক দ্ৰব্যৰ বন্ধ, পথ সাংকেতিক মানি চলক, যাত্ৰা পথত ম’বাইল পৰিহাৰ কৰক আদি বাণীৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয়।
