ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি ব্ৰাহ্মণগাঁওস্থিত শ্ৰীশ্ৰী জগৰাল সত্রত বুধবাৰে নিশা তৃতীয়বাৰৰ বাবে অনুষ্ঠিত ভাওনা সমাৰোহ-২০২২ৰ অন্ত পৰে।
অন্যান্য কাৰ্যসূচীৰ লগতে সন্ধিয়ালৈ শংখধ্বনি শিল্পী সমাজ, পুৰণিগুদামৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় ”কেলিগোপাল” নাটখনি। ইয়াৰ পিছতে পুৰণিগুদামৰ শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্রৰ শিল্পী সমাজৰ দ্বাৰা মঞ্চস্থ কৰা হয় “ত্রিলোচন বিজয়” নাটখনি। অসমৰ আগশাৰীৰ বাতৰি কাকত “দৈনিক অসম”ৰ কাৰ্যবাহী সম্পাদক দিলীপ মহন্তই উদ্বোধন কৰা ভাওনা সমাৰোহৰ অনুষ্ঠানত বহুকেইজন গণ্য-মাণ্য ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়।

ইপিনে পুৱাৰ ভাগত ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অসম সত্ৰ মহাসভাৰ অন্যতম সম্পাদক শ্ৰী শ্ৰী জগৰাল সত্রৰ সত্রাধিকাৰ প্ৰান্তিক গোস্বামীয়ে আৰু স্মৃতি তৰ্পণ মুকলি কৰে ভাওনা সমাৰোহ উদযাপন সমিতিৰ সভাপতি বিপুল মজিন্দাৰে। ভাওনাৰ আঁত ধৰে ভাওনা সমাৰোহ উদযাপন সমিতিৰ সম্পাদক “শিশুবন্ধু” দুলাল বৰাই।

দুপৰীয়া নাম প্ৰসংগৰ আচাৰ্য হিচাপে অংশগ্ৰহণ কৰে শ্ৰী শ্ৰী ব্ৰহ্মচাৰী সত্রৰ শৈলেন্দ্ৰ গোস্বামীয়ে। নাম প্ৰসঙ্গত শ্ৰী শ্ৰী খৌৰামচৰ সত্রৰ সত্রাধিকাৰ দুগ্ধদেৱ গোস্বামী,আহঁতগুৰি নুমলি সত্রৰ সত্রাধিকাৰ পৰমানন্দ দেৱ গোস্বামী, ধৱলী বালিপাৰা সত্রৰ সত্রাধিকাৰ বনমালী গোস্বামী, ব্ৰহ্মচাৰী সত্রৰ সত্রাধিকাৰ জনাৰ্দন গোস্বামী, তামোলবাৰী সত্রৰ সত্রাধিকাৰ হিৰণ্য গোস্বামীকে ধৰি বহু ভক্তপ্ৰাণ লোকে।
