নগাঁৱৰ চকলাঘাটত অৱসৰপ্ৰাপ্ত বিষয়া যতীন্দ্ৰ মোহন বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন

305

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ চকলাঘাটৰ খাটোৱাল গাঁৱত জন্মগ্ৰহণ কৰা অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, একালৰ প্ৰখ্যাত ফুটবল খেলুৱৈ, প্ৰবীণ অভিনেতা, অসম সাহিত্য সভাৰ আজীৱন সভ্য, কবি তথা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া যতীন্দ্ৰ মোহন বৰাৰ বৃহস্পতিবাৰে আদ্যশ্ৰাদ্ধৰ দিনা জন্মভূমি চকলাঘাটৰ কেইবাটাও অনুষ্ঠানে প্ৰয়াত বৰাৰ গুৱাহাটীৰ জালুকবাৰী সদিলাপুৰৰ বাসগৃহত উপস্থিত হৈ এক স্মৃতিচাৰণ অনুষ্ঠানৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ কুমাৰ বৰাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত প্ৰয়াত বৰাৰ অভিন্ন বন্ধু প্ৰবীণ শিল্পী দেৱ কুমাৰ বৰা, চকলাঘাট ৰাস মন্দিৰৰ সভাপতি ক্ষিতেশ্বৰ বৰা, বিষয়ববীয়া কেশ ভূঞা, পদুম শইকীয়া, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক উৎপল হাজৰিকা, বিষয় শিক্ষক খগেন শইকীয়া, জ্যেষ্ঠ সহায়ত ৰঞ্জিত শইকীয়া, শিক্ষক শিৱ প্ৰসাদ হাজৰিকা, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পুতুল শইকীয়া, চকলাঘাট ক্ৰীড়া সন্থাৰ সভাপতি অতুল শইকীয়া, প্ৰাক্তন গাঁও বুঢ়া মিলাৰাম বৰা উপস্থিত থাকি স্মৃতি ৰোমন্থন কৰে৷

অনুষ্ঠানত প্ৰয়াত বৰাৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যা হৰিমাই ৰাজখোৱা, অমি বৰা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰুণু গায়ন বৰা, জ্যোতি বৰা, চন্দন বৰা, বসন্ত বৰা, সহধৰ্মিনী অঞ্জলী বৰা, পুত্ৰ ডা° ৰাজীৱলোচন বৰা, বোৱাৰী জোনালী ডেকা বৰা, জীয়াৰী ডা° কৰৱী বৰাকে ধৰি পৰিয়ালৰ লোকসকল উপস্থিত থাকে।

স্মৰ্তব্য যে, সত্তৰ দশকত নগাঁৱৰ গৌৰৱোজ্বল ফুটবল আৰু ভলীবলৰ ক্ষেত্ৰখনত যতীন্দ্ৰ মোহন বৰা ‘বাবুল’ নামেৰে সকলোৰে মাজত জনপ্ৰিয় আছিল। ফুটবলৰ সমান্তৰালভাৱে যাত্ৰা পাৰ্টি আৰু গাদী নাট্য গোষ্ঠীৰ জৰিয়তে তেওঁ অসমৰ বিভিন্ন মঞ্চত বিভিন্ন নাটকত বলিষ্ঠ অভিনয় কৰিছিল। ইয়াৰ লগতে তেওঁ চুটি চুটি কবিতা আৰু সোণাইপৰীয়া মানুহ খিনিক উপজীৱ্য ৰূপে লৈ বহু কেইটা নিটোল কাব্য শৈলীৰ ‘অনুগল্প’ লিখি থৈ গৈছে৷

চাকৰিসূত্ৰে গুৱাহাটীৰ বাসিন্দা হ’ল যদিও তেওঁ মৃত্যুৰ পূৰ্বলৈকে নিজৰ জন্মভূমি চকলাঘাটৰ লগত সদায় সংপৃক্ত হৈ আছিল। উল্লেখ্য যে স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া যতীন্দ্ৰ মোহন বৰাৰ যোৱা ১০ ছেপ্টেম্বৰত ক’লকাতাত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল।