নগাঁৱৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ মাহেকীয়া কবিমেল সম্পন্ন

91

ঋতু পৰ্ণ শৰ্মা, নগাঁও: সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ অধীনৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ মাহেকীয়া কবিমেলখনি ৰবিবাৰে কামপুৰ শিশু বিকাশ কেন্দ্ৰত অনুষ্ঠিত হৈ যায় । কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতিৰ সঞ্চালনাত অনুষ্ঠিত কবিমেলৰ আৰম্ভণিতে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু বিশিষ্ট কণ্ঠ শিল্পী অপূৰ্ব বেজবৰুৱালৈ শ্ৰদ্ধা জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।

কবিমেলত উপস্থিত থাকে কাৰ্বিআংলং জিলা সাহিত্য সভাৰ সভাপতি সভাৰাম বৰা,কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উপদেষ্টা ক্ৰমে মোলান লস্কৰ,প্ৰবীণ শৰ্মা,অনিল বৰুৱা আৰু কামপুৰ শাখা সাহিত্য সভাৰ সম্পাদক শৰৎ গোস্বামী ।

মাহেকীয়া কবিমেলত গুণ কাকতী,প্ৰবীণ শৰ্মা, অনিল বৰুৱা,শৰৎ চন্দ্ৰ গোস্বামী, গীতাঞ্জলী শৰ্মা, ইৰামণি শইকীয়া, বৰ্ণালী মজুমদাৰ, ধৰণী শইকীয়া, শকুন্তলা শইকীয়া, ৰাজু সমীৰণ, খৰ্গেশ্বৰ বৰা, অৰুণা দেৱী, পংকজ কুমাৰ নাথ, পবিত্ৰ দাস, ৰশ্মিৰেখা চক্ৰবৰ্তী, প্ৰদ্যুম্ন বৰা, কৃষ্ণ দৈমাৰী, তপন কুমাৰ নগঞা, চন্দ্ৰ বৰা আৰু বিকুল লস্কৰকে ধৰি কুৰি গৰাকী কবিয়ে কবিতা পাঠ কৰে ।

কবি মেলৰ অন্তত সভাৰ সিদ্ধান্ত মৰ্মে অহা ২০ মাৰ্চত কামপুৰ আঞ্চলিক কবি সন্মিলনৰ অধিৱেশনখনি এদিনীয়া কাৰ্যসূচীৰে কামপুৰ শিশু বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰাৰ সিদ্বান্ত গ্ৰহণ কৰা হয় । কবি সন্মিলনৰ কাব্যমন্ত্ৰ আৰু সঞ্চালকৰ মন্তব্যৰে মাহেকীয়া কবিমেল অনুষ্ঠানৰ সামৰণি পৰে ।