নগাঁৱৰ “কাকলি সংগীত কানন”ৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সামৰণি

326

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসমৰ বিশিষ্ট লোকশিল্পী প্ৰয়াত গুণ শইকীয়াৰ স্মৃতি বিজড়িত নগাঁও জিলাৰ সংগীত শিক্ষাৰ অগ্ৰণী অনুষ্ঠান কাকলি সংগীত কাননৰ উদ্যোগত আয়োজন কৰা গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাটিৰ সফলতাৰে সামৰণি পৰিছে৷ বেবেজীয়াৰ সমীপৰ কুৰুৱাবাহী চাৰিআলিৰ ১নং গেদাৰবড়ি নামঘৰ প্ৰাংগণত অনুষ্ঠিত প্ৰয়াত লোকশিল্পী গুণ শইকীয়াৰ পবিত্ৰ সোঁৱৰণত অনুষ্ঠিত এই কৰ্মশালাত ভাৰত নাট্যম, লঘু শাস্ত্ৰীয় নৃত্য আৰু সৃজনীশীল নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰে বিশিষ্ট নৃত্য শিল্পী উপাসনা মহন্তৰ লগতে তেওঁৰ সহযোগী অংকুৰ জ্যোতি দাসে৷

কৰ্মশালাটিৰ সামৰণি উপলক্ষে কালি সন্ধিয়া ৬ বজাৰ পৰা “ধ্ৰুপদী সন্ধ্যা” শীৰ্ষক এক ব্যতিক্ৰমী সাংস্কৃতিক অনুুুষ্ঠান অনুষ্ঠিত হয়৷ উক্ত অনুুুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত লোকশিল্পী গুণ শ‌ইকীয়াৰ সহধৰ্মিনী পাৰুল শ‌ইকীয়াই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে সদ্য প্ৰয়াত বিশিষ্ট সমাজসেৱী জোনাৰাম বৰা আৰু মোহন শৰ্মাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনাৰে মৌন প্ৰাৰ্থনা জনোৱা হয়৷

ইয়াৰ পিছতে কাকলি শইকীয়াই ভজন,ভাৰত নাট্যম নৃত্যৰ দ্বাৰা গুৰু বন্দনা,অংকুৰ দাসে শিৱ স্তুতি, ভায়’লিনা বড়োয়ে তালাংকণ, ভাস্বতী শইকীয়াই শিৱাঞ্জলী নৃত্য, নিবিড় ৰাজখোৱাৰ চিত্ৰ প্ৰদৰ্শন আদিৰ লগতে কৰ্মশালাৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা বিভিন্ন নৃত্য পৰিবেশনেৰে উপস্থিত সকলোকে মনোৰঞ্জনৰ খোৰাক যোগাবলৈ সক্ষম হয়৷

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অভিভাৱকসকলৰ তৰফৰ পৰা বসন্ত দুৱৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ তৰফৰ পৰা ময়ূখী বেজবৰুৱা আৰু টেনিছা বৰাই চমু ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকা, সংস্কৃত ভাষাৰ বিশিষ্ট শিল্পী ৰঞ্জন বেজবৰুৱা, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰভাত ৰাজখোৱা, সমাজকৰ্মী মিহিৰাম ভূঞা, গোলাপ ৰাজখোৱা, ভদ্ৰ বৰা, তৰুণ শ‌ইকীয়া, শ্ৰুতি বৰা, দৰ্পণা বৰা, উপাসনা মহন্ত, দৰ্শন মহন্তকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

উক্ত অনুষ্ঠানতে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ শেষত গুৰু সন্মানেৰে অনুষ্ঠানৰ সামৰণি মৰা হয়৷ উল্লেখ্য যে এই কৰ্মশালাত বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে যোগদান কৰে।