নগাঁৱৰ কপিলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত গ্ৰাম্য স্বাস্থ্য আৰু পুষ্টি দিৱস উদযাপন

130

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ১ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ। দেশৰ আন আন প্ৰান্তৰ লগতে অসমটো পালন কৰা হৈছে এই বিশেষ কাৰ্যসূচী। দেশৰ শিশু-কিশোৰ, মহিলাসকলক পুষ্টিহীনতা মুক্ত, সুস্থ আৰু সবল কৰিবলৈ পালন কৰা এই পোষণ মাহৰ লগত সংগতি ৰাখি বুধবাৰে নগাঁও জিলাৰ কপিলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত বালিসৰা জনজাতি প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে গ্ৰাম্য স্বাস্থ্য আৰু পুষ্টি দিৱস উদ্‌যাপন কৰা হয়৷

প্ৰকল্প বিষয়া মল্লিকা চমুৱাৰ সঞ্চালনত গ্ৰাম্য স্বাস্থ্য আৰু পুষ্টি দিৱস উপলক্ষে আয়োজিত সজাগতা সভাত ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ মুৰব্বী চিকিৎসক ডা০ শ্বাদিকুল আমিনে পানীৰ পৰা হোৱা ৰোগ আৰু ইয়াৰ প্ৰতিৰোধৰ ওপৰত বিস্তৃতভাৱে বক্তব্য ৰাখে৷ স্বাস্থ্যকেন্দ্ৰটিৰ এম পি ডব্লিউ কল্যাণ কুমাৰ বৰাই ৰক্তহীনতা আৰু ইয়াৰ প্ৰতিৰোধৰ ওপৰত বক্তব্য ৰখাৰ বিপৰীতে এ এন এম প্ৰতিমা বুঢ়াগোহাঁইয়ে মহিলাসকলে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা ওপৰত ভাষণ প্ৰদান কৰে৷

চুপাৰভাইজাৰ লীনা ডেকাই আঁত ধৰা সভাখনিত ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট উত্তম কুমাৰ নাথ, এ বি পি এম বাবুল ভৰালী, হেল্থ এডুকেটৰ প্ৰিয়া লক্ষ্মী শৰ্মা, শালমৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা মেধি শৰ্মা, বালিসৰা জনজাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক হাজৰিকা, সংহত শিশু উন্নয়ন প্ৰকল্পটোৰ চুপাৰভাইজাৰ লীনা ডেকা, শুভলতা শইকীয়া, অঞ্জু শৰ্মা, বুলু বৰা, ৰিমা পাটৰ, পোষণ দলৰ সদস্যা শ্ৰদ্ধা নয়না বৰকটকী, আশা কৰ্মী প্ৰফুল্লী পাটৰ, প্ৰেমলতা পাটৰ, মামনি বৰদলৈকে ধৰি ভালেসংখ্যক অংগনবাদী কৰ্মী-সহায়িকাৰ লগতে বহু সংখ্যক মহিলা, গৰ্ভাৱতী মাতৃ আদি উপস্থিত থাকে৷

সভাৰ মাজতে বালিসৰা জনজাতি প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা তিৱা নৃত্যই সকলোকে আপ্লুত কৰে৷ এই গ্ৰাম্য স্বাস্থ্য আৰু পুষ্টি দিৱসতে চাৰি গৰাকী গৰ্ভাৱতী মাতৃক পঞ্চামৃত খুৱাই মংগল কামনা কৰা হয়৷