নগাঁৱৰ কঠিয়াতলীত নগাঁও জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠা দিৱস উদযাপন#

272

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস মঙলবাৰে নগাঁও জিলা কবি সন্মিলন আৰু কঠিয়াতলী শাখা কবি সন্মিলনৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হৈ যায়। কঠিয়াতলীৰ গংগোত্ৰী ভৱনত পুৱা পতাকা উত্তোলন কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই আৰু বন্তি প্ৰজ্বলন কৰে কঠিয়াতলী শাখা কবি সন্মিলনৰ নৱ নিৰ্বাচিত সভাপতি অতুল চন্দ্ৰ কাকতিয়ে।

প্ৰতিষ্ঠা দিৱস উপলক্ষে দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু কবিতা পাঠ অনুষ্ঠানত বিশিষ্ট অতিথি লেখিকা ড° মঞ্জু লস্কৰ, নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দূৰ্গেশ্বৰ বৰকটকী, সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ “নতুন কবিতা”ৰ সম্পাদক মদাৰজ্যোতি, মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাচেম আল আমান, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱেন চন্দ্ৰ নাথ, নগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি কৰবী লিগিৰা, অশোক ৰাম ভট্টাচাৰ্য, শশী কেওট, নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৱন শৰ্মা, সহকাৰী সম্পাদক ৰূপম নাথ, প্ৰচাৰ সম্পাদক লক্ষ্যজ্যোতি বৰা, কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উপদেষ্টা মোলান লস্কৰ, সভাপতি গুণ কাকতী,নগাঁও জিলা কবি সন্মিলনৰ সদৰ শাখাৰ সম্পাদক কবিতা বৰা, কঠিয়াতলী শাখা কবি সন্মিলনৰ উপদেষ্টা ঘনকান্ত বৰাকে ধৰি বহু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে আঁত ধৰা অনুষ্ঠানটোত কবিতা পাঠ কৰে ক্ৰমে কবি দুৰ্গেশ্বৰ বৰকটকী,আবুল হাছাম আল আমন, অশোকৰাম ভট্টাচাৰ্য, গুণ কাকতি, দ্বিজেন্দ্ৰ নাথ হাজৰিকা, ভৱেন চন্দ্ৰ নাথ, কৰবী লিগিৰা, শশী কেওঁট, চন্দ্ৰ বৰা, ঘনকান্ত বৰা, কবিতা বৰা, মোলান লস্কৰ, মদাৰজ্যোতি, ৰাজু সমীৰণ, অতুল চন্দ্ৰ কাকতি, ৰমাকান্ত শৰ্মা, অজন্তা বৰা, ৰশ্মিতা শইকীয়া, ধৰণী শইকীয়া, গোলাপ ৰাজখোৱা, শোহান বৰঠাকুৰ, কল্পনা বৰা, তপন কুমাৰ নগঞা, খৰ্গেশ্বৰ বৰা, চন্দ্ৰ বৰা, পৱন শৰ্মা, নয়নমনি চাংমাই, মিনতী দেৱী, বিমান হাজৰিকা, ৰূপম নাথকে ধৰি ত্ৰিশগৰাকী কবিয়ে।

কবিতা অনুষ্ঠানটো পৰ্যালোচনা কৰে বিশিষ্ট লেখিকা ড° মঞ্জু লস্কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অতুল চন্দ্ৰ কাকতিক সভাপতি আৰু নীলাক্ষী কলিতাক সম্পাদক হিচাপে লৈ নতুনকৈ গঠন কৰা কঠিয়াতলী শাখা কবি সন্মিলনৰ সমিতিখনক দায়িত্বভাৰ প্ৰদান কৰা হয়। সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সফলতাৰে সামৰণি পৰে।