নগাঁৱত ৪৪ সংখ্যক অসম পাঞ্জা চেম্পিয়নশ্বিপ-২০২২ৰ সামৰণি

316

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসম পাঞ্জা সংস্থাৰ উদ্যোগত আৰু সংস্থাৰ নগাঁও জিলা সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৪৪ সংখ্যক সদৌ অসম পাঞ্জা চেম্পিয়নশ্বিপখনিৰ শনিবাৰে নিশা সফল সামৰণি পৰে। নগাঁও জিলা পুথিভড়াঁলত অনুষ্ঠিত চেম্পিয়নশ্বিপখনিত শুকুৰবাৰে পুৱা ৰাজ্যিক সমিতি আৰু জিলা সমিতিৰ পতাকা উত্তোলন কৰে ক্ৰমে ৰাজ্যিক সমিতিৰ অধ্যক্ষ মুনীন্দ্ৰ শইকীয়া আৰু জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই।

ইয়াৰ পাছতে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত চেম্পিয়নশ্বিপখনি বন্তি প্ৰজ্বলনৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। ভাষণ প্ৰসংগত শৰ্মাই কয় যে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত নগাঁৱৰ এটা নাম আছে। শেহতীয়াকৈ নগাঁও চহৰত কেইবাখনো ৰাজ্যিক পৰ্যায়ৰ খেল অনুষ্ঠিত হৈছে। বিধায়ক ৰূপক শৰ্মা আৰু জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহে পাঞ্জা খেলি শুভাৰম্ভ কৰা উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত নৰেন্দ্ৰ শ্বাহ, অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকা, পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা, কাৰ্যবাহী বিষয়া প্ৰীতম ৰাজ শৰ্মা আদি উপস্থিত থাকে।

অসম আৰ্ম ৰেষ্টলিং এচ’ছিয়েশ্বনৰ টেকনিকেল ডাইৰেক্টৰ বিবেকানন্দ হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত এই চেম্পিয়নশ্বিপখনিৰ বিভিন্ন শাখাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ ভিতৰত ছিনিয়ৰ ল’ৰা শাখাত (৫০ কিল’গ্ৰাম) অমৃত বৈশ্যই প্ৰথম স্থান আৰু হিতেশ ডেকাই দ্বিতীয় স্থান, জুনিয়ৰ শাখাত (৫৫ কিল’গ্ৰাম) শিৱা দেৱনাথে প্ৰথম স্থান আৰু জ্যোতিস্মান শইকীয়াই দ্বিতীয় স্থান লাভ কৰে। জুনিয়ৰ শাখাত(৬০ কিল’গ্ৰাম) কৃষাণ ৰয়ে প্ৰথম স্থান আৰু অভয় দাসে দ্বিতীয় স্থান,জুনিয়ৰ শাখাত (৬৫ কিল’গ্ৰাম) বুমন হাজৰিকাই প্ৰথম স্থান আৰু বিকাশ বৰাই দ্বিতীয় স্থান লাভ কৰে।

ছিনিয়ৰ ল’ৰাৰ শাখাত (৫৫ কিল’গ্ৰাম) বিদ্যুৎ বৰাই প্ৰথম স্থান আৰু অবিনাশ বৰাই দ্বিতীয় স্থান লাভ কৰিছে। ৬০ কিল’গ্ৰাম শাখাত দিপাংকৰ দাস আৰু আফৰুফ আহমেদে দ্বিতীয় স্থান, ৬৫ কিল’গ্ৰাম শাখাত ৰছিদুল আলিয়ে প্ৰথম স্থান আৰু অবিনাশ হাজৰিকাই দ্বিতীয় স্থান, ৭০ কিল’গ্ৰাম শাখাত নুৰ আলীয়ে প্ৰথম স্থান আৰু জিয়াদ আহমেদে দ্বিতীয় স্থান লাভ কৰিছে। ৭৫ কিল’গ্ৰাম শাখাত অম্বৰ উপাধ্যায়ে প্ৰথম স্থান আৰু পলাশ শইকীয়াই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ৮০ কিল’গ্ৰাম শাখাত সঞ্জু বৰাই প্ৰথম স্থান আৰু ছাহজাহান আলিয়ে দ্বিতীয় স্থান লাভ কৰে।

জুনিয়ৰ ছোৱালীৰ ৪৫ কিল’গ্ৰাম শাখাত তানিশা শৰ্মা, ৫০কিল’গ্ৰাম শাখাত মনিকুন্তলা দত্ত, ৫৫ কিল’গ্ৰাম শাখাত ইশা ৰানী বৈশ্য, ৬০ কিল’গ্ৰাম শাখাত মিনাক্ষী পেগু, ৭০ কিল’গ্ৰাম শাখাত সংগীতা পেগু আৰু ৭০ কিল’গ্ৰাম উৰ্ধৰ শাখাত কাশ্মীৰি কাশ্যপে প্ৰথম স্থান অধিকাৰ কৰে। মাষ্টাৰ্ছ শাখাৰ ৭০ কিল’গ্ৰাম শাখাত শান্তনু কুমাৰ দাসে প্ৰথম স্থান আৰু মনোজ বড়িয়ে দ্বিতীয় স্থান, ৮০ কিল’গ্ৰাম শাখাত প্ৰনৱ জ্যোতি বৰাই প্ৰথম স্থান আৰু বিদ্যুৎ বৰগোহাঁয়ে দ্বিতীয় স্থান, ৯০ কিল’গ্ৰাম শাখাত সৌৰভ হাজৰিকাই প্ৰথম স্থান প্ৰদীপ টান্তাবাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ১০০ কিল’গ্ৰাম শাখাত ৰাহুল দেৱ কলিতাই প্ৰথম স্থান আৰু মাধুৰ্য ডেকাই দ্বিতীয় স্থান লাভ কৰে।

ইপিনে ১০০ কিলোগ্ৰাম উৰ্ধৰ শাখাত দিগন্ত শৰ্মাই বিজয়ী ঘোষণা কৰা হয়। ইপিনে জুনিয়ৰ ল’ৰা শাখাৰ চেম্পিয়ন অৱ দ্য চেম্পিয়ন হিচাপে ৰুমান হাজৰিকা আৰু জুনিয়ৰ ছোৱালী শাখাৰ চেম্পিয়ন অৱ চেম্পিয়ন হিচাপে ইশাৰানী বৈশ্য বিজয়ী ঘোষিত হয়।

আনহাতে ছিনিয়ৰ ছোৱালী শাখাৰ চেম্পিয়ন অৱ দ্যা চেম্পিয়ন হিচাপে দেৱী দৈমাৰী আৰু ছিনিয়ৰ ল’ৰাৰ শাখাত দেৱজিৎ শৰ্মাই চেম্পিয়ন অৱ দ্যা চেম্পিয়ন হিচাপে খিতাপ অৰ্জন কৰে। প্ৰতিযোগিতাৰ অন্তত চেম্পিয়ন অৱ চেম্পিয়নৰ নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকী, নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিপ কুম্বাঙে আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰে।

উল্লেখ্য যে এই চেম্পিয়নশ্বিপত বিজয়ী প্ৰতিযোগীসকলে অহা ১৮আগষ্টৰ পৰা ২২আগষ্টলৈ জন্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব লগীয়া সৰ্বভাৰতীয় প্ৰতিযোগিতাত অসম দলৰ হৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব।