গুৱাহাটীঃ নগাঁও জিলাৰ কলিয়াবৰত পৰ্ণগ্ৰাফী চাবলৈ অস্বীকাৰ কৰাৰ বাবেই ৬ বছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৩ নাবলকসহ ৪ জনক। উল্লেখ্য যে, মঙ্গলবাৰে অশ্লীল ছবি চাবলৈ অস্বীকাৰ কৰাৰ বাবেই ৬ বছৰীয়া কন্যা শিশুটিক নিৰ্মমভাৱে হত্যা কৰিছিল এই অভিযুক্ত কেইজনে।
বাতৰি অনুসৰি, মঙলবাৰে কলিয়াবৰ অঞ্চলৰ এটা শিলৰ কুৱেৰীত এটা শৌচালয়ত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰতিবেদন অনুসৰি, ভুক্তভোগীৰ ঘৰৰ ওচৰত বাস কৰা হত্যাকাৰী তিনিজন কিশোৰ পৰ্ণ আসক্ত।
খবৰ অনুসৰি, মঙলবাৰে তেওঁলোকে ভুক্তভোগীগৰাকীক শিলৰ কুৱেৰীলৈ প্ৰলোভিত কৰি লৈ গৈছিল আৰু পৰ্ণগ্ৰাফী চাবলৈ ভাবুকি দিছিল। কিন্তু শিশুটিয়ে সেয়া অস্বীকাৰ কৰাত শিলেৰে মৰিয়াই হত্যা কৰে।
বুধবাৰে, আৰক্ষীয়ে ৮ ৰ পৰা ১১ বছৰ বয়সৰ তিনিজন কিশোৰ আৰু এজন কিশোৰৰ পিতৃক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অশ্লীল ক্লিপেৰে ভৰ্তি অভিযুক্তজনৰ ফোনটোও জব্দ কৰিছে।
