নগাঁৱত মনোজ কুমাৰ দেওৰজাৰ “এজাক বকুলফুলীয়া জোনাক” উন্মোচন

226

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসমৰ অগ্ৰণী প্ৰকাশন ক্ৰান্তিকাল প্ৰকাশনৰ উদ্যোগত আৰু সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বনচাইৰ সহযোগত ৰবিবাৰে বিশিষ্ট কবি মনোজ কুমাৰ দেওৰজাৰ তেত্ৰিশ বছৰৰ সাধনাৰে “এজাক বকুলফুলীয়া জোনাক” উন্মোচন কৰা হয়। নগাঁৱৰ নিউ আমোলাপট্টিৰ নেহৰু যুৱকেন্দ্ৰৰ সভাকক্ষত বিশিষ্ট কবি প্ৰেম নাৰায়ণ নাথে উন্মোচন কৰা উন্মোচনী সভাত বিশিষ্ট অতিথি ৰূপে সদৌ অসম কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি প্ৰদীপ শইকীয়া, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, বিশিষ্ট কবি প্ৰয়াগ শইকীয়া আৰু সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বনচাইৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকী উপস্থিত থাকে।

নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰনাথ হাজৰিকা, প্ৰাক্তন সম্পাদক পৱন শৰ্মা, সম্পাদক ৰাজু সমীৰণ, ৰঙাজিঁয়া সদৰ শাখাৰ সভাপতি অশোকৰাম ভট্টাচাৰ্য, মৰিগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি ভৱেন চন্দ্ৰ নাথ, বিশিষ্ট পত্ৰ-সাহিত্যিক দেৱেন শইকীয়া, বিশিষ্ট কবি নীলাভ সৌৰভ, মৰিগঞা কবি জিতুমণি বৰদলৈ, পাৰ্থপ্ৰতিম বৰা, দুলুমণি শইকীয়া, পুণ্যলতা গোহাঁই, হেলেন পণ্ডিত, আৰতি মেধি, নৱ কাশ্যপ, অজন্তা বৰা, ৰাজু দত্ত, পংকজ শইকীয়া, দৈনন্দিন বাৰ্তাৰ সাহিত্য বিভাগৰ সম্পাদক নৱ কাশ্যপ, পৰাণ দেওৰজা, কবিগৰাকীৰ পত্নী অনামিকা দেওৰজাই উন্মোচিত মনোজ কুমাৰ দেওৰজাৰ “এজাক বকুলফুলীয়া জোনাক”ৰ পাতৰ পৰা কবিতা পাঠ কৰি অনুষ্ঠানটিৰ গাম্ভীৰ্য বৃদ্ধি কৰে।

উল্লেখ্য যে ক্ৰান্তিকাল প্ৰকাশনৰ সমন্বয়ক মদাৰজ্যোতি আৰু বনচাইৰ সম্পাদক ৰূপম নাথে আঁত ধৰা অনুষ্ঠানটিত বিশেষ সহযোগিতা আগবঢ়াই সংবাদসেৱী দীপেন শইকীয়াই।