ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসমৰ প্ৰতিগৰাকী ভোজপুৰী লোকেই অসমৰ কলা-সংস্কৃতি শিকা উচিত৷ ভোজপুৰী সমাজৰ নৱ প্ৰজন্মক অসমীয়া কৃষ্টি-সংস্কৃতিৰ সৈতে পৰিচয় কৰি দিয়াৰ প্ৰয়াস সদৌ অসম ভোজপুৰী পৰিষদৰ। এই লক্ষ্য আগত ৰাখি সোমবাৰে সদৌ অসম ভোজপুৰী পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৰঙালী বিহু উদযাপন কৰে৷
নগাঁও মাৰোৱাৰী হিন্দী হাইস্কুলত উদযাপন কৰা ৰঙালী বিহু উৎসৱে সকলোৰে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিহু উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পী আছিল ভোজপুৰী সমাজৰ নৱ প্ৰজন্মৰ প্ৰতিনিধি৷ সোমবাৰৰ পৰা প্ৰায় পোন্ধৰ দিন ধৰি ভোজপুৰী শিশু, ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য, ঢোল, পেপাঁ বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে৷
প্ৰশিক্ষণৰ অন্তত এই শিশু তথা ছাত্ৰ-ছাত্ৰীসকলে ভোজপুৰী পৰিষদৰ উদ্যোগত আয়োজিত বিহু উৎসৱত বিহু গীত, বিহুনৃত্য প্ৰদৰ্শন কৰি সমন্বয়ৰ এক চানেকি দাঙি ধৰে৷ এই শিশু তথা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰয়োজন হোৱা বিহুৰ পোছাক পৰিয়ালৰ লোকে ক্ৰয় কৰি দিয়াতো এক উল্লেখনীয় দিশ। ইপিনে আজি পুৱা বিহু পতাকা উত্তোলনৰে বিহু উৎসৱৰ শুভাৰম্ভ কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই আৰু বন্তি প্ৰজ্বলন কৰে মাৰোৱাৰী হিন্দী হাইস্কুলৰ প্ৰধান শিক্ষক কিশোৰ দেৱে৷
এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত কেবাগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে ভবেন বৰা, ড° ধনঞ্জয় কুশ্ৰে, জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, অজয় মাহতো, গুনীন্দ্ৰ চক্ৰৱৰ্তী, সুৰেন্দ্ৰ মিশ্ৰ, মনোজ চৌধুৰী, গোবিন্দ পাচি, সত্যেন্দ্ৰ ৰয়, ভানু হাজৰিকা, সুৰেশ খেটাৱত আদিয়ে অংশগ্ৰহণ কৰি ভোজপুৰী পৰিষদে লোৱা এই পদক্ষেপক প্ৰশংসা কৰে৷
উল্লেখ্য যে আজিৰ এই সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি ছোটেলাল গুপ্তা আৰু সাধাৰণ সম্পাদক ৰাম অৱতাৰ পাচিয়ে৷ বিহু গীত-নৃত্য তথা ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে মৃদুল কুমাৰ দাস আৰু বিষ্ণু বৈদ্যয়ে৷ পৰিষদৰ জিলা সভাপতি ছোটেলাল গুপ্তাই কয় যে জ্যোতিপ্ৰসাদ আগৰৱালা মাৰোৱাৰী সম্পাদায়ৰ লোক হোৱাৰ পিছতো প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে৷ ভোজপুৰী লোকসকল অসমীয়া ভাষা সংস্কৃতিৰ লগত পৰিচয় হোৱাতো বৰ্তমান সময়ৰ আহ্বান৷ আমি সকলোৱে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰি সমন্বয়ৰ এনাজৰী ডাল সুদৃঢ় কৰিব লাগিব৷ যাৰ জৰিয়তে আমাৰ মাজত ঐক্য,সংহতি আৰু সম্প্ৰতি গঢ়ি তুলিব পাৰিম৷
তেওঁ লগতে কয় যে অনাগত দিনত বিহুৰ উপৰিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ তিথি আদি উদযাপন কৰাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ভোজপুৰী সমাজৰ নৱপ্ৰজন্মক পৰিচয় কৰি দিয়াৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
