নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত ধর্ষণত অভিযুক্ত এজন আচামীক জামিন দিয়াৰ প্ৰতিশ্ৰুতিৰে ৫০ হাজাৰ টকা দাবী কৰা এজন ভুৱা অধিবক্তাক অৱশেষত আটক কৰি আৰক্ষীৰ হাতত চমজাই দিলে নগাঁও উকীল সন্থাই। ধৃত ভুৱা অধিবক্তাজনৰ নাম পবিত্ৰ হাজৰিকা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, শিশু বলাত্কাৰৰ অভিযোগত অভিযুক্ত এজন আচামীক ন্যায়াধীশৰ দ্বাৰা জামিন প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দি ৫০ হাজাৰ টকা বিচাৰিছিল ভুৱা অধিবক্তা পবিত্ৰ হাজৰিকাই। আচামী পক্ষই সেই ধন দিবলৈও ৰাজী হৈছিল। কিন্তু এই বিষয়ে নগাঁও উকীল সন্থাই জানিব পৰাৰ পিছতে ভুৱা অধিবক্তাজনক আটক কৰিবলৈ সক্ষম হয়।
অভিযোগ অনুসৰি পবিত্ৰ হাজৰিকাই পূৰ্বেও নগাঁও আদালতৰ সন্মুখত উকীলৰ সাজ পৰিধান কৰি বহু অভিযুক্তৰ পৰা ধন সৰকাই আহিছিল।