নগাঁৱত বৃহৎ জুৱাৰ ঘাটি উৎখাত।জুৱা খেলৰ সামগ্ৰী, নগদ ধনসহ আটক পাঁচ জুৱাৰী।নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তত অসাধু চক্ৰই আৰক্ষীৰ চকুত ধূলি দি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছে জুৱাৰ আড্ডা ৷ ইয়াৰ মাজতে জুৰীয়া আৰক্ষীৰ তৎপৰতাত এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত হোৱা ঘটনাই ৰাইজৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, জুৰীয়া আৰক্ষী থানাৰ এলেকাধীন ফুৰহানিআটিৰ পথাৰৰ মাজৰ এক নিৰ্জন ঠাইত এটা বৃহৎ জুৱাৰ ঘাটি চলি থকাৰ বিষয়ে এক গোপনে সূত্ৰে জানিব পাৰি জুৰীয়া আৰক্ষীয়ে অভিযান চলায় ৷ কালি নিশা অতৰ্কিতে চলোৱা এই অভিযানত আৰক্ষীয়ে জুৱাৰ ঘাটিতো উৎখাত কৰাৰ লগতে পাঁচটা কুখ্যাত জুৱাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত জুৱাৰীকেইটা হৈছে মোশ্বাৰফ হুছেইন, এমৰান হুছেইন, সিকান্দৰ আলী, আছাদুল হক আৰু ৰাব্বুল হুছেইন ৷ তদুপৰি আৰক্ষীয়ে জুৱাৰ ঘাটিটোৰ পৰা নগদ ৪,৫৪০ টকা আৰু জুৱা খেলত ব্যৱহৃত বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে ৷ অৱশ্য, কেইবাটাও জুৱাৰীয়ে আৰক্ষীৰ অভিযানৰ উমান পাই আন্ধাৰৰ সুযোগ লৈ পলাই সাৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷
