নগাঁৱত বানাক্ৰান্তত বাহিৰ কৰি বিয়াৰ প্ৰস্তুতি

212


নগাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা৷ বানাক্ৰান্তক বাহিৰ কৰি বিবাহকাৰ্য সম্পাদনৰ ব্যৱস্থা কৰিছে একাংশই৷ যিটো সময়ত বানাক্ৰান্তক উদ্ধাৰ কৰিবলৈ গৈ অনাকাংক্ষিত বিপদৰ সন্মুখীন হৈছে বহুজন আৰু যিটো সময়ত সকলোৱে পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে বানাক্ৰান্তালৈ, তেনে এটি সময়ত এটা ভৱনত আশ্ৰয় লৈ থকা বানাক্ৰান্তক এখন বিবাহ সম্পাদন কৰাৰ সুবিধাৰ বাবে ৰাজহুৱা ভৱনটো খালী কৰিবলৈ কোৱা বিষয়টোৱে নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ভৱনটো নগাঁও বৈদ্যটুপ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ ৰাজহুৱা ভৱন৷ ভৱনটো বিভিন্ন ৰাজহুৱা অনুষ্ঠান, উৎসৱ-পাৰ্বনত ব্যৱহৃত হৈ আহিছে৷ কিন্তু এইবাৰৰ বলীয়া বানত ঘৰবাৰী সকলো হেৰুৱাই একাংশ বানাক্ৰান্তই আশ্ৰয় লৈছিল এই ভৱনটোত৷ বানাক্ৰান্ত সকলক বহু মহানুভৱ লোকে সাহাৰ্যও প্ৰদান কৰি সহায় কৰি আহিছে৷ পিছপৰি ৰোৱা নাই অঙ্গনৱাদী কৰ্মী-সহায়িকাও৷
এইখিনিলৈকে প্ৰায় ঠিকেই আছিল। কিন্তু অভিযোগ অনুসৰি, হঠাতে ভৱনৰ দায়িত্বত থকা সমিটিৰ বিষয়ববীয়াই বানাক্ৰান্তসকলক ভৱনটো খালী কৰি আন ঠাইলৈ যাবলৈ জনায়৷ ভৱন খালী কৰাৰ বিষয়টো গম পাই একপ্ৰকাৰে মুৰত সৰগ ভাগি পৰিল বানাক্ৰান্তসকলৰ৷

ভৱনটো খালী কৰিবলৈ কোৱাৰ কাৰণ শুনিলে আপোনাৰো চকু কপালত উঠিব৷ এখন বিয়াৰ বাবেই ভৱনটো খালী কৰিবলৈ দিয়া হৈছে৷
– বিষয়টো অৱগত হৈ সংবাদমাধ্যমৰ লোক উপস্থিত হয় আশ্ৰয় শিবিৰটোত৷ সংবাদমাধ্যমৰ লোক উপস্থিত হোৱাৰ বাবে প্ৰথমাৱস্থাত নিজকে বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সদস্যা বুলি চিনাকি দিয়া একাংশ মহিলাই নানান প্ৰশ্নৰে ব্যতিব্যস্ত কৰে৷ নেপথ্যৰ পৰা বহু কথা ভোৰভোৰালে৷ “পানী কিবা এবাৰহে আহিব নেকি, বিয়াখনটো এবাৰহে হ’ব” “বেলেগত গলেই হ’ল” ইত্যাদি ইত্যাদি৷
অৱশ্যে বানাক্ৰান্তৰ অভিযোগ খণ্ডন কৰি সমিটিৰ হৈ সম্পাদকে কয়যে বিয়াঘৰৰ গৃহস্থ মান্তি নহয় অন্য স্থানত বিবাহ কাৰ্য সম্পাদন কৰিবলৈ৷ কিয়নো তেখেতসকল অকলশৰীয়া মানুহ আৰু তিনিমাহৰ আগতেই ভৱনটো বন্দোৱস্ত কৰি থৈছে৷ সেয়ে সমিটিয়ে নিকটৱৰ্তী এখন বিদ্যালয়লৈ বানাক্ৰান্তসকলক যাবলৈ অৱগত কৰে৷ কিন্তু বানাক্ৰান্তই সংবাদমাধ্যমক জনোৱা অনুসৰি যিখন বিদ্যালয়লৈ যাবলৈ দিয়া হৈছে তাত বৰ্তমানেও থাকিব পৰা সুবিধা হোৱা নাই৷ 5 গৰাকী গৰ্ভৱতী আৰু 84 টাকৈ শিশুসহ আশ্ৰয়শিৱিৰত থকা বহুকেইটা পৰিয়ালে ইয়াকে লৈ চিন্তিত হৈ পৰিছে৷