নগাঁৱত বাংলাদেশলৈ সৰবৰাহৰ সময়তে জব্দ ২৩ টা গৰু…

138

বৃহস্পতিবাৰে সন্ধিয়া নগাঁও জিলাত সৰবৰাহৰ সময়তে আৰক্ষীয়ে ২৩ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নগাঁৱৰ হাতীপাৰা অঞ্চলত ‘HR-38-R-7855’ নম্বৰৰ এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় গৰু কেইটা।

আৰক্ষীয়ে সদৰী কৰা মতে, গৰু কেইটা ট্ৰাকেৰে চোৰাংভাৱে বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে।

ইফালে, ট্ৰাকখনৰ চালক আৰু আন এজন লোকক ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে জনোৱাৰ লগতে এই যুটিটোক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।