অসমত মানুহ-হাতীৰ সংঘৰ্ষ ৰোধ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰা স্বত্বেও বৃহস্পতিবাৰে নগাঁও জিলাত বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰাৰ পিছত আন এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়।
ঘটনাটো জিলাখনৰ ধনশিলা অঞ্চলত সংঘটিত হয়।
জানিব পৰা মতে, ঘটনাটো সংঘটিত হোৱা এলেকাটো খাদ্যৰ সন্ধানত নামি অহা হাতীয়ে সঘনাই উপদ্ৰৱ চলায় বুলি জনা যায়।
বৃহস্পতিবাৰেও হাতীৰ এটা জাক বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে। তাৰ পিছতে স্থানীয় লোকে হাতীৰ জাকটো খেদি পঠিয়াবলৈ চেষ্টা চলায়।
সেই সময়তে হাতীৰ জাকটোৱে পুতুল বাউৰী নামৰ এজন স্থানীয় লোকক আক্ৰমণ কৰাত ব্যক্তিজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
জানিব পৰা মতে, হাতীৰ জাকটো অহাৰ সময়ত ব্যক্তিজনে তেওঁৰ ঘৰৰ সন্মুখত কাম কৰি আছিল।
