নগাঁৱত পথ দুৰ্ঘটনাত বন বিষয়াৰ মৃত্যু

153

নগাঁৱৰ বেবেজিয়াত সোমবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে এগৰাকী বন বিষয়াৰ।

নিশা প্ৰায় ১০ বজাত পথ পাৰ হ’বলৈ লওতেই এখন দ্ৰুতবেগী ট্ৰেভেলাৰে খুন্দা মাৰে বন বিষয়া গৰাকীক।

এই দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে বন বিভাগৰ বিষয়া সুৰজিৎ সিঙৰ।

জানিব পৰা মতে, বিভাগীয় কামত গুৱাহাটীলৈ অহা বন বিষয়াগৰাকীয়ে নিশা পুনৰ নগাঁৱলৈ ওভতাৰ সময়তে সংঘটিত এই দুৰ্ঘটনা।

বন বিষয়া সুৰজিৎ সিঙৰ মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে নগাঁৱত।