নগাঁৱত ধাবাত চলে অবৈধ্য দেহ ব্যৱসায়! আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিলে ৫ যুৱতীক…

117

বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে দেহ ব্যৱসায়ৰ ৰেকেট উৎখাত কৰাৰ লগতে এখন ধাবাৰ মালিককে ধৰি ১৭ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নগাঁৱৰ বৰঘাট বাইপাছৰ এখন ধাবাত চলিছিল এই দেহ ব্যৱসায়।

গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ভোগদৈ ধাবাৰ চৌহদত অভিযান চলাই এই দেহ ব্যৱসায় উৎখাত কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নগাঁৱৰ এছ পি লীনা দ’লেয়ে কয় যে ভোগদৈ ধাবাত চলি থকা এই অবৈধ ব্যৱসায়ৰ সন্দৰ্ভত আমি কেইবাটাও ইনপুট লাভ কৰিছো।

অভিযানৰ পিছত এই ব্যৱসায়ৰ সৈতে জড়িত ধাবাখনৰ গ্ৰাহক নহয় দালাল আৰু কৰ্মচাৰী বুলি কোৱা ১৭ জন লোকক আটক কৰা হৈছে।

মূল দালাল দুলাল আহমেদৰ সৈতে ৰাতুল হাজৰিকা নামৰ ধাবাখনৰ স্বত্বাধিকাৰীকো আটক কৰা হৈছে।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে উদ্ধাৰ হোৱা পাঁচগৰাকী মহিলাক এই ব্যৱসায়ত বলপূৰ্বকভাৱে জড়িত কৰা হৈছে আৰু আদালতৰ অনুমতিৰ পিছত তেওঁলোকক কাউন্সেলিঙৰ বাবে প্ৰেৰণ কৰা হ’ব।

ধাবাৰ মালিকৰ লগতে ব্যৱসায়ৰ লগত জড়িত দালালৰ বিৰুদ্ধে মানৱ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছে।

জেৰাৰ সময়ত গ্ৰাহকসকলে অপৰাধ স্বীকাৰ কৰি কয় যে দালাল দুলাল আদমেদে তেওঁলোকক ধনৰ বিনিময়ত মহিলাৰ যোগান ধৰিছিল।