নগাঁৱত দুৰ্ঘটনাত পতিত গো-ভৰ্তি ট্ৰাক।১৬ টাকৈ চোৰাং গৰু উদ্ধাৰ

431

নগাঁৱৰ বৰঘাটত দুৰ্ঘটনাত পতিত এখন চোৰাং গৰুভৰ্তি ট্ৰাক ৷ ট্ৰাকখনৰ পৰা ১৬ টাকৈ চোৰাং গৰু উদ্ধাৰ ৷ আচলতে, এক গোপন সূত্ৰৰ পম খেদি বৰঘাটত আৰক্ষীয়ে লগাইছিল নাকা চেকিং। আৰক্ষীৰ এই বেহু ভেদি পলাবলৈ চেষ্টা চলাই দুৰ্ঘটনাত পতিত হয় চোৰাং গৰুভৰ্তি ট্ৰাকখন । ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে যদিও আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে ১৬ টা গৰু উদ্ধাৰ কৰে ৷ ১৬ টা গৰুৰ ভিতৰত ২ টা গৰু মৃত অৱস্থাত উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে এ এছ-০১-এল চি ১৮১৬ ৷ জানিব পৰা মতে, গৰুৰ চোৰাং ব্যৱসায়ীয়ে ১৬ টা গৰু বস্তা আৰু কাৰ্টুনৰ মাজত ভৰাই ট্ৰাকত সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল ৷ বৰঘাট আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি ট্ৰাকখনৰ পিছ লোৱাত চালকে পলায়ন চেষ্টা কৰি পথৰ কাষৰ এজোপা গছত খুন্দা মাৰে ৷ গৰু কেইটা চামগুৰিৰ পৰা মেঘালয়লৈ নিয়াৰ চেষ্টা কৰিছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷