আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আন এক সফলতা নগাঁও আৰক্ষীৰ। আৰক্ষীয়ে অভিযান চলাই নগাঁও জিলাত ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।
সৰবৰাহকাৰী দুজনক জাকিৰ হুছেইন আৰু বাহাৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
গোপন খবৰৰ ভিত্তিত জাজৰি আৰক্ষীৰ এটা দলে ৰাইডঙিয়া অঞ্চলত তালাচী চলায় আৰু ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰে।
সূত্ৰঅনুসৰি, ধিঙৰ পৰা চামগুৰিলৈ ড্ৰাগছ যোগান ধৰাৰ সময়ত দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে অভিযুক্তৰ পৰা সন্দেহজনক ড্ৰাগছৰ ৫০ টা কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে।
