ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ বিশ্ব বেংকৰ সাহায্যত “অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ”(এপাৰ্ট)আঁচনিৰ অধীনত নগাঁও জিলাত ৰূপায়ণ হৈ থকা আঁচনিসমূহ ৰবিবাৰে পৰিদৰ্শন কৰে বিশ্ব শাক-পাচলি কেন্দ্ৰ, টাইৱানৰ এটা প্ৰতিনিধি দলে।
টাইৱানৰ জ্যেষ্ঠ উদ্যান শস্যবিদ ড০ পাওলা কাৰডনা আৰু পতংগবিদ ড০ চোপানা ইয়লে জিলাখনৰ বেবেজীয়াৰ সমীপৰ ডাকৰঘাটৰ উদ্যমী কৃষক পলাশ প্ৰকাশ শইকীয়াৰ পথাৰত “আত্মা”ৰ দ্বাৰা ৰূপায়ণ কৰি থকা প্ৰদৰ্শনমূলক ৰঙালাও খেতি, কাৱৈমাৰীৰ নিলোৎপল গোস্বামীৰ নাৰ্চাৰী, শেনছোৱাৰ মিঠু শৰ্মাৰ নাৰ্চাৰী আৰু কেঁচুসাৰ উৎপাদন গোট পৰিদৰ্শন কৰাৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰে।
জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই জিলাখনৰ বিভিন্ন স্থানত বৰ্তমান হৈ থকা শাক-পাচলিৰ মাটিকালি, উৎপাদন আৰু বিপণনৰ বিষয়ে দলটোক চমু আভাস দাঙি ধৰে। প্ৰতিনিধি দলটোক সংগ দিয়ে নগাঁৱৰ উদ্যান শস্য সমন্বয়ক পংকজ হাজৰিকা আৰু বিশ্ব শাক-পাচলি সমন্বয়ক সুদীপ্ত দাসে।
উল্লেখ্য যে, “এপাৰ্ট”ৰ আঁচনি কৃষি বিভাগৰ লগতে আন কেইবাটাও বিভাগে ৰূপায়ণ কৰি আছে। বিশ্ব শাক-পাচলি কেন্দ্ৰ, টাইৱান, আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ, আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ, পেৰু আদি বহু কেইটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানে এই আঁচনি সফল ৰূপায়ণৰ বাবে কাৰিকৰী দিহা পৰামৰ্শ দিয়াৰ লগতে ন-ন প্ৰযুক্তিৰ দ্বাৰা অসমৰ কৃষকৰ শস্যৰ উৎপাদন বৃদ্ধি আৰু অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ পদক্ষেপ গ্ৰহণ কৰিছে।
সুষম মাত্ৰাত ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ আদি প্ৰয়োগ কৰি উন্নত পদ্ধতিৰে কবি, বেঙেনা, ৰঙালাও আদিৰ প্ৰদৰ্শনমূলক খেতিৰ দ্বাৰা উপকৃত হোৱাত গুৰুত্ব দি আহিছে।