নগাঁৱত কলংপৰীয়া শাখা সাহিত্য সভাৰ ‘সাঁকো’ সাহিত্যানুষ্ঠানত কাব্যগ্ৰন্থ “এমুঠি কবিতা” উন্মোচন

148

ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ অসম সাহিত্য সভাৰ অন্যতম অগ্ৰণী শাখা নগাঁও জিলাৰ ”কলংপৰীয়া শাখা সাহিত্য সভা”ৰ ‘সাঁকো’ মাহেকীয়া সাহিত্য আলোচনা চক্ৰৰ চতুৰ্থ বৈঠকখনি ৰবিবাৰে বিয়লি তেলিয়া পহুকটাস্থিত ব্ৰহ্মচাৰী সত্ৰ প্ৰাংগণত অনুষ্ঠিত হয়। ”কলংপৰীয়া শাখা সাহিত্য সভা”ৰ সভাপতি শৈলেন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সাহিত্য পাঠ অনুষ্ঠানটিত সঞ্চালনা কৰে কবি-শিক্ষক বসন্ত কৌশিক ভাগৱতীয়ে।

পঠিত লেখাসমূহৰ সমীক্ষা আগবঢ়ায় কবি অনিল শৰ্মা আৰু লেখক-শিল্পী গোলাপ বৰাই। কামপুৰ শাখা সাহিত্য সভাৰ সম্পাদক শৰৎ গোস্বামী, কলংপৰীয়া শাখা সাহিত্য সভাৰ উপ-সভাপতি থুলেশ্বৰ বৰা, প্ৰাক্তন সম্পাদক কুুুমুদ বৰা, সাংবাদিক জয়ন্ত বৰা প্ৰমুখ্যে বহু সাহিত্যানুৰাগীৰ উপস্থিতিত কবি কিৰণ শৰ্মা খাউণ্ডৰ ”এমুঠি কবিতা” নামৰ এখনি কাব্যগ্ৰন্থ উন্মোচন কৰে অনাতাঁৰ শিল্পী সূৰ্য্য ৰাজাই।

ইপ্সিতা গোস্বামী আৰু অৰ্চনা গোস্বামীৰ দ্বাৰা এটি বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত সভাপতি শৈলেন্দ্ৰ গোস্বামীয়ে এটি গদ্য, শাখা সভাৰ সম্পাদিকা দীপিকা বৰাই চুটি গল্প, লেখিকা-গায়িকা জেউতি হাজৰিকাই এটাকৈ গীত আৰু গল্প, লেখক-লেখিকা ক্ৰমে শৰৎ গোস্বামী, গোলাপ বৰা (ধন), লখিমী মহন্ত, নয়নজ্যোতি নেওগ, কুমুদ বৰা, অমিয়া গোস্বামী, তুলু হাজৰিকা, কাবেৰী মহন্ত, দীপাংকৰ ভূঞা, নগেন চন্দ্ৰ খাউণ্ড, প্ৰহেলিকা কৌশিক, তৃপ্তিৰেখা কাকতি, দীপা বৰা, অৰুনিমা বৰা, দীপা ৰাজা, জুৰণিপ্ৰিয়া বৰা, হৃদিৰা ভৰদ্বাজ আদিয়ে কবিতা পাঠ কৰে।

উক্ত অনুষ্ঠানতে কৃষ্টি কন্যা গোস্বামী আৰু তিতীক্ষা মধুকল্যই প্ৰদৰ্শন কৰা যোগ প্ৰদৰ্শনে সকলোকে আপ্লুত কৰে। অনুষ্ঠানত নন্দিনী গোস্বামীয়ে ৰাভা নৃত্য, দীপাংকৰ বৰাই ভূপেন্দ্ৰ সংগীত, ৰশ্মি গোস্বামীয়ে পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটিকৈ গীত পৰিৱেশনেৰে অনুষ্ঠানটি উজ্জীৱিত কৰি তোলে।