ঋতু পৰ্ণ শৰ্মা, নগাঁও: নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত আৰু ৰাজপথৰ কবিতাৰ সহযোগত মংগলবাৰে দেৱকান্ত বৰুৱাৰ পুৰণি বাসগৃহত দেৱকান্ত বৰুৱাৰ সোঁৱৰণী অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।
অনুষ্ঠানৰ আৰম্ভণিতে দেৱকান্ত বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই ।
দেৱকান্ত বৰুৱাৰ স্মৃতি সুঁৱৰি বক্তব্য ৰাখে শিশু সাহিত্যিক তথা নুপূৰ মোমাইদেউ ত্ৰৈলোক্য ভট্ৰাচাৰ্য, ডা: প্ৰয়াগ শইকীয়া, দুলাল বৰা আৰু প্ৰদীপ কুমাৰ শইকীয়াই ।
অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি অশোক ৰাম ভট্ৰাচাৰ্য, কৰবী লিগিৰা, কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতী, সংগীত শিল্পী আতিকুৰ ৰহমানকে ধৰি কেইবাগৰাকী বিশিষ্ট কবি ।
নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত লখিমী মহন্ত, নিৰ্মালি কলিতা, কাবেৰী মহন্ত, মধু চৌধুৰী, প্ৰিয়ভূ শৰ্মা, অশোক ৰাম ভট্ৰাচাৰ্য, ধৰণী শইকীয়া, কৃষ্ণ দৈমাৰী, গুণ কাকতী, ত্ৰৈলোক্য ভট্ৰাচাৰ্য, কবিতা বৰা, পৱন শৰ্মা, দুলাল বৰা, প্ৰদীপ কুমাৰ শইকীয়া, সঞ্জীৱ সাগৰ চৌধুৰী, আবুল হুছেইন, মৃণালিনী দেৱী, তেজস্বিনী অসম, কৰবী শইকীয়া, বৰ্ণালী ডেকা, ৰাতুল শৰ্মা, দেৱযানী শৰ্মা, জয়ন্তী বৰা, কুমাৰ বিভূতিকে ধৰি প্ৰায় দুকুৰি কবিয়ে কবিতা পাঠ কৰাৰ লগতে অনুষ্ঠানটোত গীত পৰিৱেশন কৰে কল্পিতা দেৱী আৰু বিশিষ্ট শিল্পী জিতু শ্ৰাৱণে ।