ঋতু পৰ্ণ শৰ্মা, নগাঁও:- অসম নেপালী সাহিত্য সভাৰ ২০২১-২০২৩ বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহক সভা অসম নেপালী সাহিত্য সভা নগাঁও জিলা সমিতিৰ সৌজন্যত ৰবিবাৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে নগাঁও মহাবিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ডঃ চিন্তামণি শৰ্মাৰ পতাকা উত্তোলনৰে শুভাৰম্ভ হোৱাৰ পাছতে বন্তি প্ৰজ্বলন কৰে জিলা সভাপতি ধন বাহাদুৰ ছেত্ৰীয়ে ।
জিলা মুখ্য সম্পাদক পৱন শৰ্মাৰ আদৰণি ভাষণৰ পাছতেই অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি আৰু বৌদ্ধিক সমাজৰ উপস্থিতিত কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সভাপতি দুৰ্গা খতিৱডাই । অনুষ্ঠানৰ আৰম্ভণিতে সদ্য প্ৰয়াত বিশিষ্ট সাহিত্যিক শেৰমান থাপা, সনন্ত তাঁতীৰ বিয়োগত আত্মাৰ চিৰশান্তি কামনা কৰি ১ মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয় ।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ অসম নেপালী সাহিত্য সভাৰ উপ সভাপতি জ্ঞান বাহাদুৰ ছেত্ৰী, তিলক শৰ্মা, ভৱানী প্ৰসাদ শৰ্মা, ইন্দু প্ৰভা দেৱী, নিৰু শৰ্মা পৰাজুলি, কালিপ্ৰসাদ ভুছাল, কৃষ্ণ শৰ্মা আদি উপস্থিত থাকে ।
নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ভৰত বৰাল, মদন উপাধ্যায়, নিৰুপ্ৰভা দেৱী, বসুন্ধৰা দেৱী, ডঃ খগেন শৰ্মা, দক্ষিণা দেৱী গজুৰেল, অনামিকা উপাধ্যায়, সুন্দৰ গিৰী, গণেশ ছেত্ৰী, জয়ন্ত শৰ্মা, দীপক গজুৰেল, বাসুদেৱ শৰ্মা, অনন্ত ভট্টৰায়, ৰাম শৰ্মা, সদানন্দ উপাধ্যায়কে প্ৰমুখ্য কৰি অসমৰ বিভিন্ন জিলা আৰু শাখাৰ বিষয়ববীয়া আদিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকবৰ্গ আৰু স্থানীয় ভালে সংখ্যক স্বাগতকাৰিনী সদস্য উপস্থিত থাকে ।
বিত্তীয় হিচাপ সম্পৰ্কে আলোচনাৰ লগতে সভাৰ প্ৰস্তাৱ মৰ্মে পৰীক্ষিত হিচাব দাখিল কৰিব নোৱাৰাত ৰুদ্ৰ বৰালক তিনি মাহৰ বাবে অব্যাহতি দিয়া হয় । উক্ত সভাত ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক মদন থাপাক কাম কাজ চলাই নিবলৈ সম্পূৰ্ণ বিত্তীয় ক্ষমতা প্ৰদান কৰাৰ লগতে অসম নেপালী সাহিত্য সভাৰ পৰৱৰ্তী সময়ত ল’ব লগীয়া বিভিন্ন কেন্দ্ৰীয় কাৰ্যসূচীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাত উপস্থিত প্ৰতিনিধিসকলৰ বিভিন্ন প্ৰশ্নোত্তৰৰ পাছত ভব্য আয়োজনেৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাৰ সামৰণি পৰে।
কাৰ্যনিৰ্বাহক সভাৰ পাছতেই অসম নেপালী সাহিত্য সভাৰ সভাপতি,কাৰ্যকৰী সভাপতি, প্ৰধান সম্পাদকৰ উপস্থিতিত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীক সম্বৰ্ধনা জনোৱা হয় । সভাত অংশগ্ৰহণকাৰী সকলক তিল-পিঠা, গোৰ্খালী খাদ্য সম্ভাৰ ”ঘুমাই ৰটী” আৰু “তিলৰ আচাৰে’ অপ্যায়ন কৰা হয় । গছৰ পাতত গাঁথি দি স্থানীয় ভাৱে তৈয়াৰ কৰা টপৰাত জলপান পৰিবেশনে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
