নগাঁও বিশেষ আদালতৰ ৰায়দান, শিশু ধৰ্ষণকাৰীক জৰিমনাসহ দহ বছৰ কাৰাদণ্ড

75

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁৱৰ বিশেষ ন্যায়ধীশ ইপ্সিতা বৰঠাকুৰৰ আদালতে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দান যোগে পংকজ হীৰা নামৰ লোক এজনক ধৰ্ষণৰ এক গোচৰত দোষী সাব্যস্ত কৰি দহ বছৰৰ কাৰাদণ্ড আৰু ২০ হেজাৰ টকাৰ জৰিমণা বিহে। ৰায়টোত এই ২০হেজাৰ টকা অনাদায়ে অতিৰিক্ত তিনিমাহ কাৰাদণ্ডৰ হুকুম দিয়ে।

উল্লেখ্য যে, বিগত ২০১৭ বৰ্ষৰ ১ জুলাইত নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত বগৰিগুৰি গাঁৱত পংকজ হীৰা নামৰ তিনি সন্তানৰ পিতৃ এজন (৩৫ বছৰীয়া) লোকে গাঁওখনৰে এগৰাকী ৭ বছৰীয়া নাবালিকাক ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰিছিল। পিছত শিশুটিৰ পিতৃ-মাতৃ ঘৰলৈ আহি এই বিষয়ে জানিব পাৰি সেইদিনাই লম্পট পংকজ হীৰাৰ বিৰুদ্ধে জাজৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

সেই মৰ্মে জাজৰি আৰক্ষী থানাই পংকজৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ধাৰা আৰু আৰ আৰ/ডব্লিউ পস্কো আইনৰ ৪ নম্বৰ ধাৰাৰ অধীনত ৮৫/২০১৭নম্বৰত এক গোচৰ পঞ্জীভুক্ত কৰি ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইপিনে, পস্কো আইনৰ অধীনত এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত আৰম্ভ হয়। বিচাৰ প্ৰক্ৰিয়া অন্ত পৰাত সকলো তথ্য প্ৰমাণৰ ভিত্তিত আদালতে এক ৰায়দান যোগে পংকজ হীৰাক দোষী সাব্যস্ত কৰে আৰু দহ বছৰৰ কাৰাদণ্ড বিহে।

উল্লেখ্য যে, পস্কো আইনৰ অধীনত ধৰ্ষণকাৰীক কাৰাদণ্ডৰে দণ্ডিত কৰা নগাঁও বিশেষ আদালতৰ এইটো এমাহৰ ভিতৰতে দ্বিতীয়টো ৰায়দান। যোৱা ২১ মাৰ্চতো নগাঁৱৰ বিশেষ আদালতে আন এক ৰায়দান যোগে অখিল হাজৰিকা নামৰ এজন শিশু ধৰ্ষণকাৰীক পস্কো আইনৰ অধীনত দোষী সাব্যস্ত কৰি দহবছৰ কাৰাদণ্ড আৰু ২০ হেজাৰ টকা জৰিমনা বিহিছিল।