নগাঁও জিলা কবি সন্মিলনৰ নৱনিৰ্বাচিত সমিতিৰ দায়িত্ব ভাৰ গ্ৰহণ

100

ঋতু পৰ্ণ শৰ্মা, নগাঁও: সদৌ অসম কবি সন্মিলনৰ অন্যতম সক্ৰিয় নগাঁও জিলা কবি সন্মিলনে সম্প্ৰতি দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিছে । বিগত সময়চোৱাত বিভিন্ন কাৰ্যসূচী ৰূপায়ানেৰে জিলাখনৰ বৌদ্ধিক মহলত দৃষ্টি আকৰ্ষণ কৰা নগাঁও জিলা কবি সন্মিলনৰ দুদিনীয়া কাৰ্যসূচীৰে যোৱা ১৮ আৰু ১৯ ডিচেম্বৰত অনুষ্ঠিত
দ্বিতীয় দ্বি বাৰ্ষিক অধিবেশনত গঠন হয় নতুন কাৰ্যনিৰ্বাহক সমিতি । সেয়েহে শনিবাৰে পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত দিনযোৰা কাৰ্যসূচীত নৱগঠিত সমিতিক দায়িত্বভাৰ অৰ্পণৰ লগতে সদ্য প্ৰয়াত নগাঁও জিলা কবি সন্মিলনৰ ২০১৬ কাৰ্যবর্ষৰ মুখপত্ৰ খাগৰিজানৰ সম্পাদক শিৱপ্ৰসাদ বৰা, সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ সমলয়ৰ সভাপতি ডঃ জিন্টু হাজৰিকা, ৰহদৈ কবি মঞ্চৰ সম্পাদক তপন হাজৰিকা, শিক্ষাবিদ অভয় বৰুৱা, সাংস্কৃতিক কৰ্মী মৃদুল বৰা, কৰ্কট ৰোগৰ বনৌষধী আৱিষ্কাৰক শুকুৰাম দাস, ধাৰ্মিক সাংস্কৃতিক মহিলা ফুলমাই ৰাজখোৱা আৰু হিৰাবালা ৰাজখোৱাৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা জ্ঞাপন কৰা হয় ।

নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দুৰ্গেশ্বৰ বৰকটকী, সদৌ অসম কবি সন্মিলনৰ নতুন কবিতাৰ সম্পাদক মদাৰজ্যোতি, সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী, “ৰণাংগণ” আলোচনীৰ সম্পাদক মিন্টু দাসে সদ্য প্ৰয়াত ব্যক্তি সকলক স্মৰণ কৰি বক্তব্য প্ৰদান কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই বিদেহ আত্মাৰ শান্তি কামনা কৰি নৱ নিৰ্বাচিত সম্পাদক ৰাজু সমীৰণ, উপ- সভাপতি অশোকৰাম ভট্টাচাৰ্য আৰু শশী কেওঁট, কেন্দ্ৰীয় সদস্য হাচিনা মমতাজ, কবিতা বৰা, ধিং আঞ্চলিক কবি সন্মিলনৰ সম্পাদক কৰৱী শইকীয়াৰ লগতে ধৰণী শইকীয়া, চন্দ্ৰ বৰা, নীল কমল শইকীয়া, নগেন চন্দ্ৰ খাউণ্ড, ৰুদ্ৰাক্ষ ৰাজখোৱা, ৰূপম নাথ, প্ৰদ্যুম্ন বৰাই কবিতা পাঠ কৰে ।

বিগত কাৰ্যকালৰ সম্পাদক পৱন শৰ্মাৰ আহ্বান ক্ৰমে অনুষ্ঠিত অনুষ্ঠানটিৰ সভাপতিত্ব কৰে নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্যই । নগাঁও জিলা কবি সন্মিলনৰ ২০১৯-২০২১ কাৰ্যবর্ষৰ সভাপতি দিলীপ কুমাৰ নাথে নৱ গঠিত সমিতিৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা আৰু কাৰ্যনিৰ্বাহক সমিতিক সদৌ অসম কবি সন্মিলনৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা পূৰ্বক শপত বাক্য পাঠ কৰোৱায় ।

সন্মিলনৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া সকলক সন্মিলনৰ পতাকা, মোহৰ, কাৰ্যবিৱৰণীৰ নথিকে উল্লেখ কৰি আগন্তুক কাৰ্যবর্ষত সুপৰিকল্পিত ভাৱে সদৌ অসম কবি সন্মিলনৰ আদর্শৰে সুন্দৰভাৱে আগবঢ়াই নিয়াৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰে । দায়িত্বভাৰ অৰ্পণ আৰু গ্ৰহণৰ পিছতেই আগন্তুক কাৰ্যকালৰ কৰ্ম আঁচনি আৰু অনুভৱ বক্তব্য প্ৰদান কৰে উপস্থিত কাব্যপ্ৰাণ সকলে।

উক্ত অনুষ্ঠানতেই দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হোৱা অধিবেশনৰ হিচাপ দাখিল কৰে ২০১৯-২০২১ কাৰ্যবর্ষৰ সম্পাদক পৱন শৰ্মাই । উপস্থিত সকলোকে “ক্ৰান্তিকাল প্ৰকাশন”ৰ স্বত্বাধিকাৰ কৈলাশ ৰাজখোৱা আৰু বেলি ৰাজখোৱাই কৃতজ্ঞতা জ্ঞাপন কৰাৰ পাছত সভাপতিৰ মন্তব্য আৰু সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰেৰ অনুষ্ঠান সামৰণি পৰে ।