নগাঁও কাণ্ডক লৈ আজি গ্ৰহণ কৰা হব ৰাজহুৱা সাক্ষ্য

60

নগাঁৱৰ গুলিচালনা ঘটনাৰ আজি ৰাজহুৱা সাক্ষ্য গ্ৰহণ কৰিব অসম চৰকাৰে গঠন কৰি দিয়া এজনীয়া কমিটীয়ে। এই তদন্ত কমিটীৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে নগাঁৱৰ আৱৰ্ত ভৱনত দিনৰ ২ বজাৰ পৰা ৪ বজালৈ প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰিব। ইতিমধ্যে এই সম্পৰ্কে নগাঁৱৰ জিলা উপায়ুক্তই এক জাননী জাৰি কৰিছে

জাননীখনত এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীসকলক সাক্ষ্য গ্ৰহণৰ সময়ত উপস্থিত থাকি নিজৰ ভাষ্য আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে।

উল্লেখ্য যে ইতিমধ্যে গুলীবিদ্ধ কীৰ্তি কমল বৰাৰ সাক্ষ্য গ্ৰহণ কৰিছে তদন্তকাৰী বিষয়াগৰকীয়ে। জি এম চি এইছত ভৰ্তি হৈ থকাৰ অৱস্থাতে কীৰ্তি কমলৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছে বিষয়াজনে।

নগাঁৱৰ কচলুখোৱাত এণ্টি নাৰ্কটিক স্কোৱাডৰ এটা দলে সামান্য কথাতে কীৰ্তি কমলৰ লগত তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পিছতে দলটোৰ নেতৃত্বত থকা এছ আই প্ৰদীপ বণিয়াই কীৰ্তি কমলক গুলীয়াই আহত কৰিছিল। ইতিমধ্যে প্ৰদীপ বণিয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।