নগাঁও কলেজত ”যুদ্ধৰ ছায়াত সাহিত্য, সাহিত্যত যুদ্ধৰ ছায়া” শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন

90

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও কলেজ (অট’নমাচ)ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু নগাঁও কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত কালি এখনি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই উপলক্ষে আয়োজিত ”যুদ্ধৰ ছায়াত সাহিত্য,সাহিত্যত যুদ্ধৰ ছায়া” শীৰ্ষক মনোজ্ঞ বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক কৰবী ডেকা হাজৰিকাই চলিত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ হৃদয়বিদাৰক প্ৰতিচ্ছবি বৰ্ণনা কৰি এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰি কয় যে যুদ্ধই সৃষ্টি কৰা মানৱতাবাদৰ সংকটক সাহিত্যই ধৰি ৰাখে। দুটা ৰাজশক্তিৰ মাজৰ যুদ্ধত নিৰীহ প্ৰজা মৃত্যুমুখত পৰে। এই কথাবোৰে মন ভাৰাক্ৰান্ত কৰে আৰু মানুহ হিচাপে আমাৰ অন্তৰত আঘাত কৰে। যুদ্ধৰ বিভীষিকাখিনি দিনৰ পাছত দিন উজাগৰে থকা,পাহৰিব নোৱাৰা অভিজ্ঞতা। এই অভিজ্ঞতাসমূহে লেখকৰ কলমত সাহিত্যৰ ৰূপ পায়। সাহিত্যই অাৰম্ভণি কালৰে পৰা যুদ্ধক আশ্ৰয় কৰি গঢ় লৈছে। ‘গীতা’ৰ নিচিনা এখন বিশ্ববিখ্যাত গ্ৰন্থ যুদ্ধক্ষেত্ৰক কেন্দ্ৰ কৰি ৰচিত হৈছিল বুলি সাহিত্যিক হাজৰিকাই লগতে কয়।

ডেকা হাজৰিকাই আৰু কয় যে মালয়ালম কবিয়ে “আমাৰ দেশত বন্দুকৰ শব্দত ৰাতি পুৱায়” কবিতাত প্ৰকাশ কৰিছে। যুদ্ধক কেন্দ্ৰ কৰি নাৰীবাদী চিন্তাও সৃষ্টি হ’ব পাৰে। ভাৰতীয়সকলক বিশেষভাৱে ৰেখাপাত কৰে চীনাযুদ্ধই,কাৰ্গিল যুদ্ধই আৰু ভাৰত-পাকিস্তান যুদ্ধই। নগাঁও কলেজৰ উপাধ্যক্ষা বন্তি নেওঁগৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠানটিত অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে। ভাষণত ড° বৰকটকীয়ে কয় যে মানুহৰ জীৱনেই হৈছে সাহিত্যৰ অংগ।যুদ্ধত মানৱতাবোধ কৰ্পূৰৰ দৰে উৰি যায়। মধ্যযুগৰ ৰজা-মহাৰজাসকলৰ দৰে আজিও বহু দেশৰ মুৰব্বীসকলে ক্ষমতা, কৰ্তৃত্ত্ব, প্ৰভূত্ব বিস্তাৰ কৰি মানৱতাবোধক কবৰ দিছে। সেয়েহে যুগে যুগে যুদ্ধ, নিঃসংগতা, দুৰ্ভীক্ষ সাহিত্যৰ চিৰন্তন বিষয়বস্তু হৈ আহিছে।

বক্তৃতানুষ্ঠানত উপাধ্যক্ষ ড° ৰামপ্ৰসাদ পউৰেলকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। অসমীয়া বিভাগৰ সহযোগী অধ্যাপক দীপক কুমাৰ বৰাই তেখেতৰ অনুভৱ ব্যক্ত কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ লগত অধ্যাপিকা ডেকা হাজৰিকাই মত বিনিময় কৰে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° মানস জ্যোতি নিৰ্মলীয়াই শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে নগাঁও কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।