নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ।
জোনমণি ৰাভা মৃত্যুকাণ্ডৰ মাজতে দুয়োখন জিলাৰ আৰক্ষী অধীক্ষকক কৰা হৈছে বদলি।
নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক তাৎক্ষণিকভাৱে কৰা হৈছে বদলি।
উল্লেখ্য যে, জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে এই দুয়োখন জিলাৰ আৰক্ষী।
মাতৃয়ে দাখিল কৰা এজাহাৰত স্পষ্টভাৱে উল্লেখ আছে নগাঁৱৰ এছ পি লীনা দলেৰ নাম।
সন্ধিয়া এছপি গৰাকীয়ে জোনমণিক মাতি পঠিয়াইছিল বুলি এজাহাৰত দাবী কৰিছে মাতৃ সুমিত্ৰা ৰাভাই।