উত্তৰ প্ৰদেশ ব’ৰ্ড অৱ মাদ্ৰাছা এডুকেশ্যনে ধৰ্মীয় শিক্ষাৰ লগতে আধুনিক শিক্ষা প্ৰদানৰ প্ৰস্তুতি আৰম্ভ কৰিছে বুলি সোমবাৰে অধ্যক্ষ ড০ ইফতিখাৰ আহমেদ জাভেদে প্ৰকাশ কৰে।
তেওঁ লগতে কয় যে শিশুসকলে এই বছৰ এনচিইআৰটি (নেচনেল কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং)ৰ পাঠ্যক্ৰমো অধ্যয়ন কৰিব।
যাৰ ফলত এতিয়াৰে পৰা মাদ্ৰাছাৰ শিক্ষাৰ্থীসকলে কম্পিউটাৰ, গণিত আৰু বিজ্ঞান অধ্যয়ন কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।