ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে অবৈধ ধৰ্মান্তৰকৰণ বন্ধ কৰিবলৈ অধিক কঠোৰ হৈ পৰিছে। পূর্বৰ আইনখন সংশোধন কৰি পুস্কৰ সিং ধামি চৰকাৰে এনে ‘অপৰাধ’ৰ বাবে অধিক কঠোৰ শাস্তি প্রদানৰ ঘোষণা কৰিছে৷ নতুন আইন অনুসৰি অভিযুক্তই প্ৰতাৰণা কৰিলে, প্ৰৰোচিত কৰিলে বা ধৰ্মান্তৰকৰণ কৰিবলৈ বাধ্য কৰিলে সৰ্বাধিক ১০ বছৰৰ কাৰাদণ্ড হ’ব পাৰে।
শুকুৰবাৰে উত্তৰাখণ্ড চৰকাৰে বিধানসভাত গৃহীত কৰিলে ধৰ্মীয় স্বাধীনতা সংশোধনী আইন। এই আইন অনুসৰি যদি ধৰ্মান্তৰকৰণৰ অভিযোগ প্ৰমাণিত হয় তেন্তে অভিযুক্তৰ বিৰুদ্ধে সৰ্বাধিক ১০ বছৰৰ কাৰাদণ্ডৰ লগতে জামিন বিহীন ধাৰাত গোচৰ চলাব পাৰিব। তাৰ লগতে তেওঁক ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব। কেৱল সেয়াই নহয়, দোষী সাব্যস্ত হ’লে ধৰ্ম সলনি কৰিবলৈ চেষ্টা কৰাসকলে, ৫ লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ দিব লাগিব। পূৰ্বৰ আইন অনুসৰি এনে ধৰ্মান্তৰকৰণৰ শাস্তি আছিল সৰ্বাধিক ৭ বছৰৰ কাৰাদণ্ড।
উল্লেখযোগ্য যে দেশৰ কেইবাখনো বিজেপি শাসিত ৰাজ্যই ইতিমধ্যে বলপূৰ্বক ধৰ্মান্তৰকৰণ ৰোধৰ বাবে আইন প্ৰণয়ন কৰিছে। ২০২১ চনৰ ডিচেম্বৰ মাহত উত্তৰ প্ৰদেশত ধৰ্মান্তৰকৰণ বিৰোধী আইন গৃহীত হয়। মূলতঃ এই পদক্ষেপ লাভ জেহাদ ৰোধ কৰিবলৈ লোৱা হৈছিল। এই আইনত দোষী সাব্যস্ত হোৱা লোকৰ বাবে সৰ্বাধিক দহ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা আছে। উত্তৰ প্ৰদেশৰ উপৰিও মধ্যপ্ৰদেশ, কৰ্ণাটক, অসমৰ দৰে ৰাজ্যসমূহেও এই আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়াইছে।
বিৰোধীৰ মতে এই ধৰ্মান্তৰ বিৰোধী আইনখন গৃহীত কৰাটো বিশুদ্ধভাৱে বিজেপিৰ ৰাজনৈতিক এজেণ্ডা। তেওঁলোকৰ অভিযোগ যে উত্তৰাখণ্ডত গৃহীত এই আইনখনে সমাজ আৰু সংবিধানৰ চৰিত্ৰ সলনি কৰিব পাৰে। আনকি, সমাজৰ এটা শ্ৰেণীয়ে এই আইনখন ব্যৱহাৰ কৰি বিৰোধীক ভুৱা অভিযোগত বন্দী কৰিব পাৰে।