ষ্টাফ ৰিপোৰ্টাৰ : নলবাৰী জিলাৰ দীঘেলী গাও বৰধাৰী চুপা নিবাসী সৰবৰহী মহিলা ভদ্ৰপ্ৰিয়া দেৱীৰ ৭ মে’ত ৮২বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যু ঘটে৷উগ্ৰতাৰা দেৱালয়ৰ প্ৰাক্তন প্ৰয়াত দলৈ ৰবিচন্দ্ৰ ভট্টাচাৰ্যৰ সহধৰ্মিনী ভদ্ৰপ্ৰিয়া দেৱীৰ মৃত্যুৰ সময়ত ৩ জন পুত্ৰ বোৱাৰী,৪জনী জীজোঁৱাই নাতি নাতিনী, ইষ্ট কুটুম্বক এৰি থৈ যায়৷
বিভিন্ন সামাজিক ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত ভদ্ৰপ্ৰিয়া দেৱীৰ বিয়োগত নলবাৰী জিলাৰ দিঘেলী অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে৷
ভদ্ৰপ্ৰিয়া দেৱীৰ বিয়োগত অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক মৃণালিনী দেৱী,
প্ৰেছ ক্লাব অসমৰ সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতা,
মুক্ত সাংবাদিক সংস্থা অসমৰ সভাপতি বাণীবিক্ৰম শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷৷