ষ্টাফৰিপৰ্টাৰ, ২৬ মে’ : বেলতলাৰ বিষ্ণুৰাভা পথ নিবাসী ধর্মপ্রাণ মহিলা প্ৰতিভা দেৱীৰ সোমবাৰে সন্ধিয়া ৭ বজাত নিজ বাস গৃহত ৭৩ বছৰ বয়সত মৃত্যু হয়। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা প্ৰতিভা দেৱী বেলতলা অঞ্চলৰ অতি পুৰণি বাসিন্দা প্ৰয়াত শিক্ষা বিষয়া যামিনীকান্ত শৰ্মাৰ পত্নী। তেওঁ অঞ্চলটোৰ বিভিন্ন জনহিতকৰ কামৰ সৈতে জড়িত আছিল। অমায়িক, সৰবৰহী, পৰোপকাৰী, দুখীয়া ৰ বন্ধু প্ৰতিভা দেৱীৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত শোকৰ ছা পৰে। মৃত্যুৰ সময়ত তেওঁ অধিবক্তা পুত্ৰ অৰূপ কুমাৰ শর্মা, বোৱাৰী, তিনিগৰাকী জী-জোঁৱাই, নাতি, নাতিনীৰ লগতে অসংখ্য গুণমুগ্ধক এৰি যায়।
