ধৰ্ণা -বিক্ষোভৰ মাজৰে আৰম্ভ অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিবেশন

65


কৰণা মহামাৰী মাজতে আজিৰে পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ গ্ৰীষ্ম কালীন অধিবেশন। কিন্তু অধিবেশনৰ প্ৰথম দিনাই ন্যায্য প্ৰাপ্তিৰ বাবে তিনিটাকৈ সংগঠনে ধৰ্ণা বিক্ষোভেৰে উত্তাল কৰি তোলে লাষ্ট গেট । ইপিনে সমাগত অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে শাসক পক্ষৰ দুৰ্বলতা আৰু বিফলতাক লৈ সৰৱ পৰে বিৰোধী বিধায়ক । আনহাতে আজি অধিবেশন চলি থকা মাজতে লাষ্ট গেটত জনজাতিৰ মৰ্য্যদা বিচাৰি সদৌ কোচ -ৰাজবংশী ছাত্ৰ সন্থাই প্ৰতিবাদ সবাস্ত কৰে ।

একেদৰে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগতো জনজাতিৰ মৰ্য্যদা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ ওপৰিও বিকালাঙ্গ উন্নয়ন পৰিষদ অসমৰ উদ্যোগটো সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।উল্লেখযোগ্য কৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৫০শতাংশ বিধায়কৰ উপস্থিতি তথা প্ৰশ্ন শিতানৰে অনুষ্ঠিত হয় বিধান সভাৰ অধিবেশন।