ধৰমতুলেই নহয়; নগাঁৱৰ হুজ গাঁওতো চলিছে মানৱ দেহৰ অংগৰ দালালী

83

মৰিগাঁও জিলাৰ ধৰমতুলৰ কিডনী বিক্ৰীৰ মৰ্মান্তিক ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ নগাঁও জিলাৰ এখন গাঁৱত চলি থকা মানৱ অংগৰ দালালী চক্ৰৰ কথা পোহৰলৈ আহিছে। নগাঁৱৰ হুজ গাঁৱত দালালে প্ৰলোভন দি কেইটামান টকাৰ বিনিময়ত কিডনী বিক্ৰীৰ বাবে প্ৰত্যুৎসাহিত কৰি আহিছে দৰিদ্ৰ জনতাক।

পোহৰলৈ অহা খবৰ অনুসৰি, হুজ গাঁৱৰ ৭-৮ জন লোকে ইতিমধ্যে কলকতাত গৈ কিডনী বিক্ৰী কৰি আহিছে। আনহাতে কিডনী বিক্ৰীৰ বাবে এতিয়াও গাঁওখনৰ তিনিজনকৈ লোক কলকতাত বাহৰ পাতি থকা বুলি জানিবলৈ দিছে গাঁওখনৰ ৰাইজে।

আৰ্থিকভাৱে অতি পিছপৰা গাঁওখনৰ কোনোৱে যদি ৫ লাখ টকাত নিজ দেহৰ অংগ বিক্ৰী কৰিছে, আন কোনোৱে আৰু কিডনী বিক্ৰীৰ নামত লাভ কৰিছে ৩.৫০ লাখ টকা। ধৰমতুলৰ পিছত হুজ গাঁৱৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। মানৱ দেহৰ অংগৰ দালালী চক্ৰক উৎখাত কৰাৰ লগতে কলকতাত বাহৰ পাতি থকা গাঁওখনৰ লোক কেইজনক সুকলমে উদ্ধাৰ কৰিবলৈ অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছে হুজ গাঁৱৰ ৰাইজে।