ধৰণী শইকীয়া-ৰাজু সমীৰণৰ “হাতী মানুহৰ সংঘাত : তপতজুৰিৰ চকুলো ইত্যাদি” গ্ৰন্থ নগাঁৱৰ কামপুৰত উন্মোচন

170

ঋতু পৰ্ণ শৰ্মা,নগাঁও:- নগাঁও জিলাৰ কামপুৰ উন্নতি সাধিনী সভাৰ কাৰ্যালয়ত ৰবিবাৰে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এখনি গ্ৰন্থ উন্মোচন কৰা হয় । হাতী-মানুহৰ সংঘাতপূৰ্ণ বাস্তৱ কাহিনীৰে লেখক ধৰণী শইকীয়া আৰু সাংবাদিক ৰাজু সমীৰণে লিখি উলিওৱা “হাতী-মানুহৰ সংঘাত:তপত জুৰিৰ চকুলো ইত্যাদি” শীৰ্ষক গ্ৰন্থ খনি উন্মোচন কৰে অসম বিজ্ঞান সমিতিৰ সভাপতি ড° মোহন চন্দ্ৰ কলিতাই ।

এই উপলক্ষে বিশিষ্ট শিক্ষাবিদ সভাৰাম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত ড°মোহন চন্দ্ৰ কলিতাই হাতী- মানুহৰ সংঘাত নিৰাময়ৰ বাবে মানুহে বহু কৰিব লগা আছে বুলি কোৱাৰ লগতে প্ৰতিগৰাকী ব্যক্তিকে ক্ষুদ্ৰ বনানীকৰণ সৃষ্টি কৰিবলৈ আহ্বান জনায় । বিশিষ্ট বিজ্ঞানীজনে গ্ৰন্থখনিৰ জৰিয়তে পাঠক সমাজ উপকৃত হোৱাৰ লগতে গ্ৰন্থ খনৰ জৰিয়তে হাতী-মানুহৰ সংঘাত নিৰাময় কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে ।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি তথা প্ৰকৃতি বিজ্ঞানী ড° অৱনী কুমাৰ ভাগৱতীয়ে সাম্প্ৰতিক সময়ত কি কাৰণত মানুহ আৰু বন্যপ্ৰাণী সমূহৰ মাজত সঘনে সংঘাত হবলগীয়া পৰিস্থিতি উদ্ভৱ হৈ আহিছে সেই সম্পৰ্কত তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰে ।

গ্ৰন্থ উন্মোচনী সভাখনিত “হাতীবন্ধু” অনুষ্ঠানৰ অন্যতম বিষয়ববীয়া বিনোদ দুলু বৰাই নগাঁও জিলাৰ হাতীখুলিত হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে “হাতীবন্ধু” অনুষ্ঠানে গ্ৰহণ কৰা পদক্ষেপ অসমৰ বিভিন্ন দল-সংগঠনক ল’বলৈ আহ্বান জনায় । গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা,সম্পাদক ৰেৱত কুমাৰ হাজৰিকা,অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদিৱ লস্কৰ,মাহেকীয়া “ৰণাংগন ” আলোচনীৰ সম্পাদক মিন্টু দাস, পৰিৱেশ কৰ্মী ধ্ৰুৱ কলিতা,কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতী,কামপুৰ শাখা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ লস্কৰ, সাহিত্যিক মোলান লস্কৰ, কৃষক নেতা ৰাজু বৰা, লেখক প্ৰমোদ বৰা, পৰাগ তামুলী, সাংবাদিক ঋতু পৰ্ণ শৰ্মাকে ধৰি কামপুৰৰ কেইবাগৰাকী বিশিষ্ট নাগৰিক ।

উল্লেখযোগ্য যে নগাঁও জিলাৰ কন্দলীৰ সমীপৱৰ্তী তপতজুৰিৰ বামুণী পাহাৰত ১৮ টা হাতীৰ কৰুণ মৃত্যুৰ বিষয়বস্তুক সমল হিচাপে লৈ গ্ৰন্থ খন ৰচনা কৰা হৈছে বুলি লেখকদ্বয়ে জনাইছে । লেখক ৰাজু শইকীয়াৰ শলাগৰ শৰাইৰ সামৰণিৰে প্ৰায় অৰ্ধশতাধিক ব্যক্তি উপস্থিত থকা সভাখনিত কামপুৰ নিউজ নেটৱৰ্কৰ উদ্যোগত আয়োজিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয় ।