ধোনীৰ কন্যাক ধৰ্ষণৰ ভাবুকি অনুৰাগীৰ, চচিয়েল মিডিয়াত চৰ্চা

59

ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেটৰ অন্যতম সফল অধিনায়কগৰাকীৰ পৰাক্ৰম এইবাৰ আইপিএলত দেখা নাই অনুৰাগীয়ে। ড্ৰীম-১১ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংগছে এতিয়ালৈকে ৬খন খেল খেলিছে। কিন্তু তাৰ ভিতৰত ৪ খনতেই পৰাস্ত হৈছে ধোনী বাহিনী। প্ৰিয় খেলুৱৈগৰাকীৰ পৰাজয়ত অনুৰাগীসকল হতাশ হৈছে।

কিন্তু খেলপথাৰত ব্যৰ্থ প্ৰদৰ্শনৰ বাবেই মহেন্দ্ৰ সিং ধোনীৰ কন্যা জীভাক ধৰ্ষণৰ ভাবুকি প্ৰদান কৰা হ’ল। ছ’চিয়েল মিডিয়াত ধোনীৰ এটা পুৰণি পোষ্টত মুকলিকৈ ধোনীৰ জীয়াৰীক ধৰ্ষণৰ ভাবুকি প্ৰদান হ’ল mr Vijay_47 নামৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা। ধোনীৰ কন্যাক এই ভাবুকি প্ৰদান কৰাৰ পিছতে এতিয়া ছ’চিয়েল মিডিয়া উত্তাল হৈ পৰিছে।

আনহাতে সেই একেটা পোষ্টতে চেন্নাই চুপাৰ কিংগছৰ অন্যতম বেটছমেন কেদাৰ যাদৱক ‘কুকুৰ’ বুলি সম্বোধন কৰা হৈছে। ছ’চিয়েল মিডিয়াত এনেদৰে এগৰাকী খেলুৱৈ আৰু খেলুৱৈৰ কন্যাক লৈ আপত্তিজনক মন্তব্য কৰাৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।